নগাঁঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত মাহৰিআটি গাঁৱৰ এসময়ৰ মেধাৱী ছাত্ৰ ৰূপজ্যোতি বেজবৰা স্পণ্ডাইলোপেথী (spondylopathies) নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ কৰুণ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই তৎকালীনভাৱে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (Rupak Sarma)ৰ জৰিয়তে ৰূপজ্যোতিলৈ এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
উল্লেখ্য যে ১৯৯৬ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নগাঁও মহাবিদ্যালয়ৰ পৰা অৱতীর্ণ হৈ ৰূপজ্যোতি বেজবৰাই অসমৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰি নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিছিল। পৰৱর্তী সময়ত তেওঁ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু উচ্চ শিক্ষাৰে শিক্ষিত হৈও চৰকাৰী মেৰপেছৰ বাবে সেইসময়ত এইগৰাকী মেধা সম্পন্ন যুৱকে এটা চৰকাৰী চাকৰি (Govt Job) যোগাৰ কৰিব নোৱাৰিলে।
অৰ্হতা থকা স্বত্বেও এটা চৰকাৰী চাকৰি যোগাৰ কৰিব নোৱাৰি মনাসিকভাৱে ভাগি পৰা যুৱকজনৰ ব্যৱসায় এটা কৰিবলৈকো হাতত নাছিল ধন। তেনে জটিল ক্ষণত হতাশগ্ৰস্ত যুৱকজনৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা । যুৱকজন স্পণ্ডাইলোপেথী নামৰ এক জটিল ৰোগত আক্ৰান্ত হয়। আনহাতে উপাৰ্জন বুলিবলৈ ঘৰত একো নাছিল। ৰূপজ্যোতিৰ পিতৃ দেৱেন বেজবৰাৰ ইতিমধ্যে মৃত্যু ঘটিছিল । আনহাতে মাটি বিক্ৰী কৰি মাতৃ আৰতি বেজবৰাই পুত্ৰক সুস্হ কৰি তুলিবৰ বাবে যিমানখিনি পাৰে চিকিৎসা কৰায়।
ৰূপজ্যোতিৰ পৰিয়ালে ধনৰ অভাৱত ৰূপজ্যোতিক চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল।তেনে পৰিস্হিতিত ৰূপজ্যোতিৰ শেষ ভৰসা আছিল অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। উপায়ন্তৰ হৈ ৰূপজ্যোতিয়ে সংবাদ মাধ্যমৰ জড়িয়তে তেওঁৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় ভিক্ষা মাগে।
ইপিনে ৰূপজ্যোতিৰ সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত যোৱা ৩১ জুলাইত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা এসময়ৰ মেধাৱী ছাত্ৰ গৰাকীৰ ঘৰত গৈ উপস্থিত হয় ।বিধায়ক শৰ্মাই ৰূপজ্যোতিৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰি ৰূপজ্যোতিক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি আস্বাস প্ৰদান কৰে। পৰবৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰূপজ্যোতিৰ আহবানৰ প্ৰতি সঁহাৰি জনাই তৎকালীন ভাবে এক লাখ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। শনিবাৰে বিধায়ক ৰূপক শৰ্মাই ৰূপজ্যোতিৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা আৰ্থিক সাহায্য যুৱকজনক প্ৰদান কৰে।
আনহাতে মুখ্যমন্ত্ৰীয়ে অনাগত দিনত ৰূপজ্যোতিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি বিধায়ক ৰূপক শৰ্মাৰ জড়িয়তে প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীৰ গৰাকীৰ পৰা লাভ কৰা এই অনুদানৰ পাছত ৰূপজ্যোতিৰ মুখত বৰ্তমান হাঁহি বিৰিঙি উঠিছে। এই অনুদানৰ জৰিয়তে অতি শীঘ্ৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাব এসময়ৰ এই মেধাবী ছাত্ৰজন। মুখ্যমন্ত্ৰী গৰাকীৰ এই সহায়ৰ বাবে মাতৃৰ লগতে ৰূপজ্যোতিয়ে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিধায়ক ৰূপক শৰ্মাই এই ক্ষেত্ৰত প্ৰদৰ্শন কৰা তৎপৰতাৰ শলাগ লয়।ইয়াৰোপৰি ৰূপজ্যোতি বেজবৰাই তেওঁক আগবঢ়োৱা সহাৰিৰ বাবে কেইবাগৰাকীও বন্ধুৰ লগতে সংবাদমাধ্যমকো ধন্যবাদ জনায়।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 06, 2022, 21:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।