• Home
  • »
  • News
  • »
  • assam
  • »
  • CM on Review Meeting: লোকনিৰ্মাণ (পথ)ত কামৰ বোজা কিমান? পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

CM on Review Meeting: লোকনিৰ্মাণ (পথ)ত কামৰ বোজা কিমান? পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ  অধ্যক্ষৰ দায়িত্বত মুখ্যমন্ত্ৰী

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ  অধ্যক্ষৰ দায়িত্বত মুখ্যমন্ত্ৰী

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ  অধ্যক্ষৰ দায়িত্বত মুখ্যমন্ত্ৰী

  • Share this:
লোকনিৰ্মাণ (পথ) বিভাগৰ বৰ্ধিত কামৰ বোজাৰ বিশ্লেষণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (Assam State Infrastructure Development Corporation Limited)ৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে ৷

বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই (Chief Minister Dr. Himanta Biswa Sharma) কোম্পানীটোৰ সক্ৰিয়কৰণৰ বাবে নিৰ্দেশক মণ্ডলী গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব । লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই গোহাঁই কমল আলিক এক বিশেষ অৰ্থনৈতিক কৰিড'ৰ হিচাপে পৰিগণিত কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও নিৰ্দেশ দিয়ে ।

শনিবাৰৰ বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ (পথ) (Loka Nirman, Road)  বিভাগৰ বাণিজ্যিক আৰু বিশেষ সচিব ৰাজেশ কেমপ্ৰাই, বিশেষ সচিব বিভূতি শইকীয়া উপস্থিত আছিল ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: