• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১ গৰাকী কৰ্মচাৰীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিলে সাহায্য

CM Himanta Biswa Sarma : নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১ গৰাকী কৰ্মচাৰীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিলে সাহায্য

কাছাৰ কাগজ কল পুনৰ উৎজীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লব পদক্ষেপ !

কাছাৰ কাগজ কল পুনৰ উৎজীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লব পদক্ষেপ !

কাছাৰ কাগজ কল পুনৰ উৎজীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লব পদক্ষেপ !

  • Share this:
বিগত প্ৰায় ৫-৬ বছৰে কোনো সমস্যাৰ সমাধান নোপোৱা নগাঁও, কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা সমাধান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত আশাৰ বতৰা লৈ অহা দুই মিল মেনেজমেণ্টৰ ভুলৰ বাবে বন্ধ হৈ পৰিছিল।

পাঁচ গুণ মূল্যত কয়লা ক্ৰয়, তিনি গুণ মূল্যত বাঁহ ক্ৰয়কে ধৰি অবাধ লুণ্ঠনৰাজ দুই কাগজ কলত ৷ পৰিণতিত দিকবিদিক হেৰুৱাইছিল প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়ে ৷ আৰু সেইসকল কৰ্মচাৰীক বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

দীৰ্ঘদিনে কৰি অহা প্ৰতিবাদ, আন্দোলনৰ সেও মানি চৰকাৰে প্ৰদান কৰিছে কৰ্মচাৰীৰ বন্ধ হৈ থকা দৰমহা, বকেয়া তথা পে়ঞ্চন ৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় হয় ৮১০ কোটি টকা ৷

২০১৪ চনৰ পৰা কৰ্মচাৰীসকলৰ এটকাও বিদ্যুৎ বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে ৷ আৰু তাৰ পিছত এয়া শৰ্মা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে জাগীৰোডলৈ আগন্তুক দিনত হ'ব এইট লেনযুক্ত পথ, য'ত দিছপুৰৰ বহু কাৰ্যালয় স্থানন্তৰ হ'ব ৷

একেদৰে পলাশবাৰী, উত্তৰ গুৱাহাটীলৈ বৃদ্ধি হ'ব মহানগৰী পৰিসৰ ৷ জাগীৰোডৰ কাগজ কল স্থান ভৱিষ্যতে উদ্যোগৰ বাবে ব্যৱহৃত নহয়, কিন্তু কাছাৰ কাগজ পুনৰ উৎজীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাক লৈ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰে।
Published by:Gautam Barman
First published: