মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত NiTi আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত তেওঁ অসম ভৱনত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কিছু কথা ব্যাখ্যা কৰাৰ মাজতে ৰাজ্যৰ উৎকোচৰ ঘটনা প্ৰসংগতো মত ব্যক্ত কৰে।
ৰাজ্যত সম্প্ৰতি প্ৰতিদিনে উৎকোচ লৈ চৰকাৰী বিষয়া–কৰ্মচাৰী, আৰক্ষী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ হাতত কৰায়ত্ত হোৱা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে কয়– ''প্ৰত্যেক মিটিঙতে মই বিষয়া-কৰ্মচাৰীক কৈ আহিছোঁ যে চৰকাৰখন ৰাইজৰ বোজা হ'ব নালাগে। লাইসেন্সৰ বাবে মানুহে যাব নিবিচাৰে, সময় খৰচ হ'ব বুলি, টকা দিব লাগিব বুলি। সেয়ে আমি অনলাইনৰ ব্যৱস্থা কৰিছোঁ। আমি টকা উৎকোচ নল'বলৈ কৈ আহিছিলোঁ। কিন্তু লৈয়ে আছে৷ সেয়ে এণ্ট্ৰি কৰাপশ্বন আৰু ভিজিলেঞ্চ লগাইছোঁ। মানুহক টকা উৎকোচ নিদিব বুলি আমি কোৱা নাই৷ আমি কৈছোঁ- টকা দিয়াৰ দিন-বাৰ ঠিক কৰি আমাক খবৰ দিয়ক৷''
Published by: Gautam Barman
First published: August 07, 2022, 19:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|