বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / CM Himanta Biswa Sarma: ক'ত গ'ল পৃথক কমতাপুৰ, ক'ত হেৰাল KLOৰ অধ্যক্ষ জীৱন সিংহ কোচ? মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ

CM Himanta Biswa Sarma: ক'ত গ'ল পৃথক কমতাপুৰ, ক'ত হেৰাল KLOৰ অধ্যক্ষ জীৱন সিংহ কোচ? মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ

CM Himanta Biswa Sarma: ক'ত গ'ল পৃথক কমতাপুৰ, ক'ত হেৰাল KLOৰ অধ্যক্ষ জীৱন সিংহ কোচ? মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ

কোচ ৰাজবংশীৰ নেতৃত্বৰ মাজত নাই একতা: মুখ্যমন্ত্ৰী

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিবলৈ ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ কৰা KLOৰ অধ্যক্ষ জীৱন সিংহ কোচৰ স্থিতি কি? ভাৰত চৰকাৰৰ সৈতে কি পৰ্যায়ত আছে জীৱন সিংহ কোচৰ আলোচনা? এই বিষয়ত বুধবাৰে সদৰী কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ লগতে কোচ ৰাজবংশীৰ নেতৃত্বৰ মাজত একতা নোহোৱাৰ কথাও ৰাজহুৱা সভাত কৈ দিলে মুখ্যমন্ত্ৰীয়ে ৷

বিজ্ঞাপন

পৃথক কমতাপুৰ হ’ব বুলিয়েই জংঘলৰ পৰা ওলাই আহিছিল কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন চমুকৈ KLOৰ অধ্যক্ষ জীৱন সিংহ কোচে ৷ ভাৰত চৰকাৰে KLOৰ সৈতে সোনকালেই চুক্তি কৰিব বুলিও ঘোষণা কৰিছিল জীৱন সিংহ কোচে ৷ পিছে বিগত জানুৱাৰীৰ দ্বিতীয় সপ্তাহতে ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰা জীৱন সিংহ কোচৰ সৈতে কি পৰ্যায়ত চৰকাৰে চলাইছে আলোচনা? সেয়া এক ৰহস্যৰ বিষয় ৷ ইয়াক লৈ ইতিমধ্যে বহু চৰ্চা হৈছে ৷ এই বিষয়ত বুধবাৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’লে- কেন্দ্ৰীয় চৰকাৰৰ সন্থাৰ সৈতে চলাই আছে KLOৰে আলোচনা ৷ বিষয়টো ৰাজ্য চৰকাৰৰ নহয়৷

মুখ্যমন্ত্ৰীয়ে কোৱা এই কথাৰ পৰাই অনুমান কৰিব পাৰি— কি পৰ্যায়ত চলিছে KLOৰ অধ্যক্ষ জীৱন সিংহ কোচৰে আলোচনা ৷ ইপিনে পৃথক কমতাপুৰক লৈও বঙাইগাঁৱত ৰাজহুৱা সভাত নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে— সংখ্যাগৰিষ্ঠতা নহ’লে কেনেকৈ পাব কমতাপুৰ ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Kamatapur , KLO
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন