ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷
ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷
যোৰহাটত দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত কৰা এক অবাঞ্চিত তথা শোকাৱহ ঘটনাত অনিমেশ ভূঞা নামৰ এজন যুৱকে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে৷
ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷ এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ ঘটনাত নিহত হোৱা অনিমেশ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|