• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব, গোসাঁইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক’

BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব, গোসাঁইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক’

মঙলবাৰে পুৱা BJP, AGP আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷

মঙলবাৰে পুৱা BJP, AGP আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷

মঙলবাৰে পুৱা BJP, AGP আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷

  • Share this:
স্বকীয় কথনভংগীৰে প্ৰচাৰ অভিযান আৰম্ভ কৰি দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰৰ আবেলি গোসাঁইগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে নিশাটো গোসাঁইগাঁৱতে কটায়৷ নিশা বহু দল-সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীক৷

মঙলবাৰে পুৱা BJP, AGP আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছ আৰু AIUDFক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে ক'লে- “কংগ্ৰেছৰ চৰকাৰ আছে নেকি ইয়াত? AIUDFৰ চৰকাৰ ক'ৰবাত আছে নেকি? সেয়ে BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক৷ মনত ৰাখিব- UPPL মানে BJP, BJP মানে UPPL৷”

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে ৰাইজক উদ্দেশ্যি প্ৰচাৰ সভাত ক'লে- “BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব৷ হাৰা পাৰ্টীক ভোট দি কি লাভ? বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক৷”
Published by:Sanjay Kumar Das
First published: