মুখ্যপৃষ্ঠা » খবৰ

» অসম

»CM Himanta Drives Road Roller : নগাঁৱত প্ৰকাণ্ড ৰোলাৰ চলালে মুখ্যমন্ত্ৰীয়ে, কাক দিলে হুংকাৰ? চাওক ভিডিঅ'।

CM Himanta Drives Road Roller : নগাঁৱত প্ৰকাণ্ড ৰোলাৰ চলালে মুখ্যমন্ত্ৰীয়ে, কাক দিলে হুংকাৰ? চাওক ভিডিঅ'।

News18 Assam | News18-Assam
Updated:July 18, 2021, 3:49 PM IST
CM Himanta Drives Road Roller :  নগাঁৱত প্ৰকাণ্ড ৰোলাৰ চলালে মুখ্যমন্ত্ৰীয়ে, কাক দিলে হুংকাৰ? চাওক ভিডিঅ'।
৬লাখ ৬৬ হাজাৰ কফ চিৰাফ ভাঙি চুৰমাৰ হ'ল মুখ্যমন্ত্ৰীৰ ৰোলাৰৰ চেপাত।

৬লাখ ৬৬ হাজাৰ কফ চিৰাফ ভাঙি চুৰমাৰ হ'ল মুখ্যমন্ত্ৰীৰ ৰোলাৰৰ চেপাত।

  • Share this:
নগাঁৱৰ বঢ়মপুৰত ব্যতিক্ৰমী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ক। ৰঙাজান পথাৰত ড্ৰাগছ নষ্ট কৰিবলৈ অহা মুখ্যমন্ত্ৰী গৰাকী বহিল ৰোলা (Road Roller)ৰ চালকৰ আসনত। ৰোলাৰ চালকৰ আসনত মুখ্যমন্ত্ৰীয়ে কি কৰিলে চাওক ভিডিঅ'।



উল্লেখযোগ্য যে, বিগত দুটা মাহত নগাঁও আৰক্ষীয়ে জব্দ কৰা ৩৬ কোটি টকাৰ ড্ৰাগছ (Drugs) ধ্বংস কৰিবলৈ অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ ল'বলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে জ্বলাই দিছিল হেৰ'ইন,  ব্ৰাউন ছুগাৰ, গাঞ্জা আৰু বহু নিচাজাতীয় টেবলেট। কিন্তু নগাঁও আৰুক্ষীয়ে জব্দ কৰা ৬লাখ ৬৬হাজাৰ ৩২৩টা কফচিৰাপ (Cough Syrup) জুইত জাপি দিব পৰা নাছিল। সেয়ে কফচিৰাপ সমূহ ধ্বংস কৰিবলৈ নগাঁও আৰক্ষীয়ে এখন ৰোলাৰৰ ব্যৱস্থা কৰিছিল। সেই কফচিৰাফ সমূহ ধ্বংস কৰিবলৈকে মুখ্যমন্ত্ৰী বহিল ৰুলাৰৰ ষ্টিয়াৰিঙত। মুখ্যমন্ত্ৰীগৰাকীয়ে ৬লাখ কফচিৰাপৰ ওপৰৰে চলাই নিলে ৰোলাৰ। এইদৰেই যুৱপ্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত অংশ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
Published by: Manjumoni Borah
First published: July 18, 2021, 3:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি