• Home
  • »
  • News
  • »
  • assam
  • »
  • 'গোৰ্খা ষ্টাইলত দুই পিচ খাহী আৰু গাহৰি মাংস খাব লাগিব'- কাৰ্বি আংলঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'গোৰ্খা ষ্টাইলত দুই পিচ খাহী আৰু গাহৰি মাংস খাব লাগিব'- কাৰ্বি আংলঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰে আজি কাৰ্বি আংলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰে আজি কাৰ্বি আংলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰে আজি কাৰ্বি আংলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে উপস্থিত ৰাইজক বহুকেইটা প্ৰতিশ্ৰুতি দিয়ে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'কাৰ্বি আংলঙত মেডিকেল কলেজ হ'ল। ৰাজ্যিক বিশ্ব বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। এয়াৰ্টপৰ্ট নিৰ্মাণ হ'ব। কৃষি মহাবিদ্যালয় নিৰ্মাণৰ কামো হাতত লোৱা হৈছে। ৱেষ্ট কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১০০ কোটি টকা আৱণ্টন দিয়া হৈছে। এনেবোৰ কাম কৰিব পৰাৰ প্ৰধান কাৰণেই হৈছে দিল্লী, দিছপুৰ আৰু কাৰ্বি আংলঙত বিজেপি চৰকাৰ। গতিকে উন্নয়নৰ বাবে আমি বিজেপিক জিকাব লাগিব। কেৱল ইমানেই নহয়। নেলীৰ পৰা মাচলাইৰ পৰা অহা ৰাস্তাটো ডাবল ৰাস্তা হ'ব। যাতে তললৈ যাবলৈ আমাৰ সময়ৰ বিশেষ প্ৰয়োজন নহয়। কাৰ্বি আংলঙত এটা তিৱা সাংস্কৃতিক প্ৰকল্প আৰু কাৰ্বি সাংস্কৃতিক প্ৰকল্প লোৱাৰো ইচ্ছা আছে।'



ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে ধেমালীৰ চলেৰে কয়, ইয়ালৈ অহাবাৰ আহিলে মই কি খাম। ইয়াত বেছিকৈ গাহৰি খাই নে মুৰ্গী? মই অহাবাৰ আহিলে দুই পিচ গাহৰি আৰু খাহী মাংস খাব লাগিব। খাহী গোৰ্খা ষ্টাইলত খাম নে সাধাৰণ ষ্টাইলত?
Published by:Himangshu Bhuyan
First published: