'কোনটো গৰুক ভোট দিলে গাখীৰ পাব, সেই চাই ভোট দিব। একাংশক ভোট দিলে গাখীৰ খিৰাই থাকিব কিন্তু গাখীৰ নোলায়। দানা খোৱাই কিন্তু গাখীৰ নোলায়। মতা গৰুৱে ক'ৰ পৰা গাখীৰ দিব। জাতীয় পৰিষদৰ প্ৰাৰ্থী উঠিছে। তেওঁলোকৰ বিধায়ক আছে জানো? বিজেপিৰ দুটা ঈঞ্জিন আছে।এটা দিল্লী আৰু এটা দিছপুৰত। জাতীয় পৰিষদক ভোট দিলে কোনটো ঈঞ্জিনৰ পৰা চলাব। প্ৰাৰ্থী দিব লাগিছিল মাজুলীৰ পৰা। দুই লাখ মানুহ আছে মাজুলীত। কিন্তু প্ৰাৰ্থী দিছে ধেমাজীৰ পৰা।'- বৃহস্পতিবাৰে মাজুলীত নিৰ্বাচনী পৰ্চাৰ চলাই এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা প্ৰতিশ্ৰুতিও প্ৰদান কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এপ্ৰিলত আৰু ভাল খবৰ পাব। মাটিৰ অধিকাৰ নাই এই ঠাই সমূহৰ। দক্ষিণ আহতগুৰি ৰ ৫০০ পৰিয়াল একেলগে আছে। বাহি ৰৌমাৰী গাঁৱৰ ৰাস্তাটোৰ পকীকৰণ হ'ব লাগে। বিদ্যালয় চৰকাৰীকৰণ কৰা হ'ব। চিকিৎসা বিভাগৰ উন্নয়ন হ'ব। এই কাম খিনিৰ বাবে এজন বিধায়কৰ প্ৰয়োজন।
'অৰুণোদই নোপোৱা সকলে চিন্তা নকৰিব। সকলোৱে পাব। মাইক্ৰফাইনেঞ্চ লোণ সকলো পৰিশোধ কৰি দিয়া হ'ব। এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব। কলেজলৈ অহা যোৱা চাহ খোৱাৰ খৰচ চৰকাৰে দ্বায়িত্ব লব। লৰাইয়ো বাইক পাব। ক্লাছ 9 পোৱাৰ লগে লগে কাষ্ট চাৰ্টিফিকেট ঘৰতে পাব। মাজুলীৰ ৰাইজে এখন দলং বিচাৰিছিল আমি দুখন দিলো। ৰাইজে বিচৰা সকলো পাব। আপোনালোকৰ ভোট মোৰ বাবে আশীৰ্বাদ হয়। জিকা হৰা নহয়। সভাৰ পৰাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোকৰ আশীৰ্বাদ মোৰবাবে ভিটামিন। আশীৰ্বাদৰ বহু বল আছে।'- এনেদৰেও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে মুখ্যমন্ত্ৰীৰ ৰাইজক উদ্দেশ্যি প্ৰশ্ন কথা কোৱা মানুহ লাগেনে কাম কৰা মানুহ লাগে? উল্লেখ্য যে, কালিৰ দিনটোত জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আৰু তাৰ পিছৰদিনটো অৰ্থাত্ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী বতাহ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|