• Home
  • »
  • News
  • »
  • assam
  • »
  • জুবিনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্তক জুবিনৰ চিকিৎসা সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতাৰ নিৰ্দেশ

জুবিনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্তক জুবিনৰ চিকিৎসা সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতাৰ নিৰ্দেশ

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

  • Share this:
জুবিনৰ গাৰ্গৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বাথৰুমত পিছলে পৰি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন। জুবিনৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। 

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷
Published by:Sanjay Kumar Das
First published: