মুখ্যপৃষ্ঠা »খবৰ »অসম »Birth Anniversary of Deendayal Upadhyaya: ষ্ট্ৰেপ্টমাইচিন ইনজেকশ্যন দি হত্যা কৰা হৈছিল ডা৹ শ্যামা প্ৰসাদ মুখাৰ্জীকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

Birth Anniversary of Deendayal Upadhyaya: ষ্ট্ৰেপ্টমাইচিন ইনজেকশ্যন দি হত্যা কৰা হৈছিল ডা৹ শ্যামা প্ৰসাদ মুখাৰ্জীকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসত বিজেপিৰ স্মৃতিচাৰণ

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসত বিজেপিৰ স্মৃতিচাৰণ

  • Share this:

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত থাকি পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ডা৹ শ্যামা প্ৰসাদ মুখাৰ্জীক হত্যা কৰা হৈছিল বুলি মন্তব্য দিয়া দেখা গ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ বিজেপিৰ নীতি–আদৰ্শ কি তাকো আলোকপাত কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷ দলীয় কাৰ্যকৰ্তাক ক্ষমতাৰ লালসাত বিজেপি নকৰিবলৈও কৰিলে গুৰুত্বপূৰ্ণ আহ্বান।


"সংঘৰ দিশসমূহ চাবলৈ দিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৷ পণ্ডিত দীনদয়াল উপাধ্যায় আছিল বাটকটীয়া ৷ কংগ্ৰেছৰ বিৰুদ্ধে সবল স্থিতি আছিল দীনদয়াল উপাধ্যায়ৰ ৷ ভাৰতীয় জনসংঘৰ পৰা বিজেপিলৈকে যাত্ৰাত দীনদয়াল উপাধ্যায়ৰ দাৰ্শনিক তত্ত্ব মানিবলগীয়া ৷ ১৯৬৮ৰ ১১ ফেব্ৰুৱাৰীত মোগল চৰাইত হত্যা কৰা হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায়ক ৷ হত্যা কৰা হৈছিল ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীকো ৷ ষ্ট্ৰেপ্টমাইচিন নামৰ এটা ঔষধৰ এলাৰ্জীৰ কাৰক আছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৷ জন্মু–কাশ্মীৰত কাৰাবৰণৰ সময়ত হাস্পতালত থকা অৱস্থাত দিয়া হৈছিল ষ্ট্ৰেপ্টমাইচিনৰ ইনজেকচন ৷ চিকিৎসক হোৱা হেতু ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জনাইছিল ষ্ট্ৰেপ্টমাইচিনৰ পৰা হোৱা এলাৰ্জীৰ কথা ৷ কিন্তু চিকিৎসকে ইয়াৰ পিছতো প্ৰয়োগ কৰিছিল ষ্ট্ৰেপ্টমাইচিন ৷ ফলত মৃত্যু হ'ল ডা৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৷ পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ডা৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ ৰহস্য ৰহস্য হৈয়েই থাকিল ৷''


তেওঁ পুনৰ কয়– ''আজি যিটো মোগল চৰাই ষ্টেচনত হত্যা কৰা হৈছিল দীনদয়াল উপাধ্যায়ক, সেই ষ্টেচনৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীনদয়াল উপাধ্যায়ৰ নামত উৎসৰ্গিত কৰিছে৷ ভাৰতৰ অৰ্থনীতিক ঔপনিৱেশিক চিন্তাধাৰাৰ পৰা মুক্ত কৰিছিল দীনদয়াল উপাধ্যায়ে৷ দীনদয়াল উপাধ্যায়ে দি যোৱা অন্তোদ্যয়ৰ সাৰ কথা আমি আজি বুজিব লাগিব৷ ক্ষমতাৰ বাবেই দল কৰিলে নহ'ব ৷ প্ৰথমে দেশ তাৰ পিছত দল আৰু শেষতহে আমি ৷ অমুকক ভাল পাওঁ কাৰণেই বিজেপি কৰিছোঁ বুলি ভবাজনে উপলব্ধি কৰিব লাগিব আদৰ্শৰ প্ৰকৃত পথ ৷ মই একো নাই পোৱা চেয়াৰমেনকে দিয়ক নিচিনা মনোভাব লৈ দল কৰিলে নহ'ব ৷" 


ৰাষ্ট্ৰবাদী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি বজালী জিলাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ গাঁও পঞ্চায়তৰ ১৭৭ নং বুথত নহাটী প্ৰাথমিক বিদ্যালয় চৌহদত ভাৰতীয় জনতা পাৰ্টিৰ ভৱানীপুৰ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ সভাত উপস্থিত থাকি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে।


ভাষণ প্ৰসংগত কলিতাই কয়, "পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ ব্যক্তিত্ব, সমাজৰ প্ৰতি থকা তেখেতৰ দায়িত্ব, জীৱনজোৰা সাধনা, কৰ্ম, দৰ্শন প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। লগতে দলীয় কাৰ্যকর্তাসকলক দেশৰ অখণ্ডতা ৰক্ষা কৰা, আধ্যাত্মিক চিন্তা-চেতনাৰে অশেষ ত্যাগ, কষ্ট  নেওচি ভাৰত মাতৃক বিশ্বৰ বুকুত প্ৰতিষ্ঠাৰে নিৰন্তৰ চেষ্টা কৰা আমাৰ মাৰ্গদর্শক পণ্ডিত দীনদয়াল উপাধ্যায়দেৱক প্ৰতিটো ক্ষণতে স্মৰণ কৰিব লাগিব ৷"


একেদৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই  পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী উপলক্ষে বৰপেটা জিলাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 'শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান' ত উপস্থিত থাকি দীনদয়াল উপাধ্যায়ৰ জীৱনদৰ্শনৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানত শইকীয়াই কয়– "এইগৰাকী মহান ব্যক্তিয়ে দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে আৰু 'অন্ত্যোদয়া' নীতিৰ জৰিয়তে দেশৰ সৰ্বসাধাৰণ মানুহৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৷ দেশত প্ৰজ্ঞাৰ আলোক বিলোৱা, আধ্যাত্মিক চিন্তা–চেতনাৰে ভাৰত মাতৃক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ হেতু নিৰন্তৰ চেষ্টা কৰা পণ্ডিত দীনদয়াল উপাধ্যায়দেৱক আমি প্ৰতিদিনেই স্মৰণ কৰাটো প্ৰয়োজন ৷"


উল্লেখ্য যে একাত্ম পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী উপলক্ষে আজি বিজেপি অসম প্ৰদেশৰ জিলা, মণ্ডল, বুথ পৰ্যায়ৰ সমূহ কাৰ্যকর্তাই মন্ত্ৰী, সাংসদ, বিধায়ক তথা ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতিত নিজ নিজ অঞ্চলত স্মৃতিচাৰণ সভা আয়োজন কৰে ৷

শেহতীয়া বাতৰি