• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছৰ মন্তব্যবোৰক ফেচভেল্যু দি লাভ নাই, কি ঠিক আজি সমালোচনা কৰাজনে কাইলৈ BJPত যোগ দিয়ে! কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

কংগ্ৰেছৰ মন্তব্যবোৰক ফেচভেল্যু দি লাভ নাই, কি ঠিক আজি সমালোচনা কৰাজনে কাইলৈ BJPত যোগ দিয়ে! কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

কংগ্ৰেছৰ বিষয়ত তিনি চাৰি বছৰৰ পিছতহে আলোচনা কৰিব পৰা যাব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷

কংগ্ৰেছৰ বিষয়ত তিনি চাৰি বছৰৰ পিছতহে আলোচনা কৰিব পৰা যাব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷

কংগ্ৰেছৰ বিষয়ত তিনি চাৰি বছৰৰ পিছতহে আলোচনা কৰিব পৰা যাব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷

  • Share this:
বিৰোধী কংগ্ৰেছৰ মন্তব্যবোৰক ফেচভেল্যু হিচাপে ল'ব নালাগে। কি ঠিক আজি সমালোচনা কৰি থকা কংগ্ৰেছীয়ে কাইলৈ BJPত যোগ দি দিব পাৰে! এনেদৰে কংগ্ৰেছী নেতাক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ লগতে উজনিৰ দুজন কংগ্ৰেছী বিধায়কে BJPত যোগ দিয়াৰ বাবে যোগাযোগ কৰি আছে বুলি দাবী কৰিছে BJPৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

“কংগ্ৰেছ নেতাৰ মন্তব্যৰ ফেচভেল্যু নাই! কংগ্ৰেছী নেতাক ফেচভেল্যু দি লাভ নাই”- সংবাদ মাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ বিৰোধী কংগ্ৰেছক এনেদৰে আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে ক'লে- “আজি সমালোচনা কৰা কংগ্ৰেছীয়ে কাইলৈ যোগ দিব পাৰে BJPত৷ এইক্ষেত্ৰত আমি নাম নকওঁ৷”

ইপিনে কংগ্ৰেছৰ বিষয়ত তিনি চাৰি বছৰৰ পিছতহে আলোচনা কৰিব পৰা যাব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷

ইপিনে বিৰোধী কংগ্ৰেছৰ আন দুজন বিধায়কে BJPত যোগ দিয়াৰ বাবে যোগাযোগ কৰি আছে বুলি দাবী কৰে BJPৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ অসমক ভালপোৱা সকলক লৈ BJP আগবাঢ়ি যাব বুলি সদৰি কৰে দিলীপ শইকীয়াই৷
Published by:Sanjay Kumar Das
First published: