অসমীয়া ছবি জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। তেওঁ সামাজিক মাধ্যমযোগে নিজৰ শোক ব্যক্ত কৰে। তেখেতে নিজৰ পোষ্টত প্ৰয়াত নিপন গোস্বামীক লগ পোৱাৰ কথা সোঁৱৰাৰ লগতে অভিনেতাজনৰ মৃত্যুত মৰ্মাহত হোৱা বুলিও উল্লেখ কৰে।
শৈশৱতে 'ককাদেউতা নাতি আৰু হাতী নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ লগ কৰিব পাই তেওঁ কেনে অনুভৱ কৰিছিল সেই কথা মুখ্যমন্ত্ৰীজনে ব্যক্ত কৰে।
তেওঁ লিখিছে, ‘‘অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱেৰ পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ। শৈশৱতে 'ককাদেউতা নাতি আৰু হাতী' নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ।’’
ইয়াৰোপৰি মুখ্যমন্ত্ৰীজনে লিখিছে, ‘‘বহুকেইখন অসমীয়া চিনেমাত হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব। বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।’’
মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰেণ্য অভিনেতাগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|