দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত কাইলৈ অভয়াখুঁটিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী

News18 Assam | News18-Assam
Updated:June 13, 2021, 12:21 AM IST
দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত কাইলৈ অভয়াখুঁটিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী
সাক্ষাৎ কৰিব দুই দুৰ্ভগীয়া কিশোৰীৰ পৰিয়ালক।

সাক্ষাৎ কৰিব দুই দুৰ্ভগীয়া কিশোৰীৰ পৰিয়ালক।

  • Share this:

অভয়াখুঁটিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি উদ্ধাৰ হোৱা দুই মৃত কিশোৰীৰ পৰিয়ালক কাইলৈ পুৱা ১১ বজাত সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য, কোৰোণাৰ সংকটকাল আৰু সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰ জিলাৰ অভয়াখুঁটি গাঁৱত  দুই কিশোৰীয়ে  গৰু এৰাল দিবলৈ গৈ এজোপা আমগছৰ এটা ডালত একেলগে চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।


সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত থকা পৰিৱেশ এটালৈ এনেদৰে হঠাতে নামি অহা আতংকময় ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনাৰ ওপৰত কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে সাংবাদিকৰ আগত আত্মহত্যা নে হত্যা এয়া এতিয়াই কোৱাটো কঠিন বুলি কয়।

Published by: Gautam Barman
First published: June 12, 2021, 11:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি