মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মন্ত্ৰীৰ ঘোষণা সলনি কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী! স্পীড লিমিট নিৰ্ধাৰণৰ ক্ষেত্ৰত শিথিলতা প্ৰদান,  জৰিমনাৰ ক্ষেত্ৰতো প্ৰথমবাৰলৈ ৰেহাই

মন্ত্ৰীৰ ঘোষণা সলনি কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী! স্পীড লিমিট নিৰ্ধাৰণৰ ক্ষেত্ৰত শিথিলতা প্ৰদান,  জৰিমনাৰ ক্ষেত্ৰতো প্ৰথমবাৰলৈ ৰেহাই

News18 Assam | News18-Assam
Updated:August 14, 2021, 5:24 PM IST
মন্ত্ৰীৰ ঘোষণা সলনি কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী! স্পীড লিমিট নিৰ্ধাৰণৰ ক্ষেত্ৰত শিথিলতা প্ৰদান,  জৰিমনাৰ ক্ষেত্ৰতো প্ৰথমবাৰলৈ ৰেহাই
ৰাজহ সংগ্ৰহ আহিলা নহয় স্পীড লিমিড !

ৰাজহ সংগ্ৰহ আহিলা নহয় স্পীড লিমিড !

  • Share this:
ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক গতিবেগ ৪০ৰ পৰা ৬০লৈ বৃদ্ধিৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। অচিৰেই এই সন্দৰ্ভত এখন জাননী প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই নতুন জাননীতে থাকিব স্পীড লিমিট।

আনহাতে স্পীড লিমিডৰ জৰিমনাৰ ক্ষেত্ৰতো থাকিব কিছু শিথিলতা ৷ প্ৰথমবাৰলৈ লিমিড অতিক্ৰম কৰিলে ভৰিব নালাগে জৰিমনা ৷ প্ৰথমবাৰ নীতি ভংগকাৰীৰ বিৰুদ্ধে জাৰি কৰা হ'ব জাননী আৰু তাৰ পাছতহে জৰিমনা ৷

শেহতীয়াকৈ পৰিবহন বিভাগে আৰম্ভ কৰা স্পীড লিমিড অভিযানকলৈ চলিছে ব্যাপক চৰ্চা ৷ বহুতে চৰকাৰখনৰ এয়া ৰাজহ সংগ্ৰহৰ এক মাধ্যম বুলি অভিহিত কৰিছে ৷ আৰু এনে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পীড লিমিটত শিথিলতা প্ৰদানৰ ঘোষণা কৰে ৷

এতিয়া প্ৰশ্ন হৈছে, শেহতীয়াকৈ স্পীড লিমিটৰ অচিলাৰে একাংশ চালকৰ পৰা পৰিবহণ বিভাগে লোৱে জৰিমনা উভতাই দিয়া হ'বনে?
Published by: Himangshu Bhuyan
First published: August 14, 2021, 5:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি