• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰধানমন্ত্ৰীৰ সলনি গৃহ মন্ত্ৰীৰ সৈতে থকা ফটো মুখ্যমন্ত্ৰীৰ ফে'চবুক প্ৰ'ফাইলত ! 

প্ৰধানমন্ত্ৰীৰ সলনি গৃহ মন্ত্ৰীৰ সৈতে থকা ফটো মুখ্যমন্ত্ৰীৰ ফে'চবুক প্ৰ'ফাইলত ! 

মুখ্যমন্ত্ৰীৰ প্ৰফাইল ফটো এইবাৰ কিছু সুকীয়া ৷ প্ৰফাইল ফটোত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীৰ প্ৰফাইল ফটো এইবাৰ কিছু সুকীয়া ৷ প্ৰফাইল ফটোত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীৰ প্ৰফাইল ফটো এইবাৰ কিছু সুকীয়া ৷ প্ৰফাইল ফটোত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

  • Share this:
হঠাৎ অসমৰ বহুকেইগৰাকী হাইপ্ৰফাইল ৰাজনীতিকে সলনি কৰিলে ফেচবুকৰ প্ৰফাইল ফটো ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰফাইল ফটো এইবাৰ কিছু সুকীয়া ৷ প্ৰফাইল ফটোত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

প্ৰফাইল ফটো আপডেট কৰিছে বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্দ্ধাৰণ সমিতিৰ সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৷ ফেচবুকত প্ৰফাইল ফটো সলনি আপুনি বা মই কৰিলে সেয়া ডাঙৰ কথা নহয় ৷ কিন্তু যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী বা আন কোনো মুধাফুটা লোকে এই কাম কৰে সেই কাম হৈ পৰে অন্যতম চৰ্চাৰ বিষয় ৷ ক'বলৈ ওলাইছো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰ'ফাইল ফটোখনৰ কথা ৷ হয়, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰফাইল ফটোখনে বৰ্তমান চলি থকা ৰাজনৈতিক গুজব সমূহত যোগাইছে বিশেষ সাৰ পানী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে থকা ফটো নিদি গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে থকা ফটোৰে আপডেট কৰিছে নিজৰ প্ৰ'ফাইল ৷ প্ৰায়ে চৰ্চাত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেহে অধিক ঘনিষ্ঠ ৷ যি সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ এখন হাস্যমুখী ফটোৰে প্ৰফাইল  আপডেট কৰিছে সেই একে সময়তে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰফাইল ফটোখনে এক প্ৰকাৰ মোদী শিবিৰ, শ্বাহ শিবিৰ বুলি চলি থকা চৰ্চাক অধিক গভীৰতালৈ লৈ গৈছে ৷ উল্লেখ্য যে, ২০১০চনৰ ২৮ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন সময়ত বিভিন্ন ফটো নিজৰ প্ৰ'ফাইল হিচাপে ফেচবুকত লগোৱা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ২০এপ্ৰিল ২০২০ৰ ফটোখনত লাইকৰ সংখ্যা আছিল ১লাখ ৩১হাজাৰ টা ৷ মুখ্যমন্ত্ৰী শৰ্মাই ফেচবুকত প্ৰথম প্ৰফাইল ফটো লগাইছিল ২০১০ৰ ২৮ ফেব্ৰুৱাৰীত ৷ বৰ্তমানলৈকে ১২বছৰত মুখ্যমন্ত্ৰী গৰাকীয়ে ১৮বাৰ সলনি কৰিছে নিজৰ প্ৰফাইলৰ ফটো ৷ চলিত বৰ্ষত ২আগষ্টত পূৰ্বৰ প্ৰফাইল ফটো সলনি কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই লগাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ত্ৰিৰঙ্গাৰ ফটো ৷ কিন্তু, শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ প্ৰফাইলত লগালে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে থকা ফটো ৷ বিষয়টো চৰ্চালৈ অহাৰ বহু কাৰনৰ মাজৰ অন্যতম কাৰন হিচাপে বহুতেই অভিহিত কৰিব খুজিছে হয়তো শক্তিশালী হৈ উঠিছে বিজেপিত গৃহমন্ত্ৰী অমিত শ্বাহৰ স্থিতি ৷ হয়তো, ড৹ শৰ্মাক লৈ সৰ্বানন্দ সোণোৱালৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত ওলোৱা কিছু সংখ্যক লোকৰ মুখ বন্ধ কৰিবলৈও হ'ব পাৰে এই বিশেষ ফটোৰে প্ৰফাইল আপডেট ৷ কাৰন সেই সময়ত সামাজিক মাধ্যমত একাংশই মুখ্যমন্ত্ৰী ড৹ শৰ্মাক গৃহমন্ত্ৰী শ্বাহে সাক্ষাৎ নিদিয়া বুলিও ওলাইছিল গুজৱ ৷ দিল্লীত কোন শক্তিশালী অসমত কোন শক্তিশালী এনেবোৰ কথাৰ শেহতীয়া চৰ্চা খোদ বিজেপিৰ সামাজিক মাধ্যম সমূহৰ মাজতেই লাহে লাহে ধৰা দিবলৈ লোৱাৰ সময়ত ৰাইজৰ মনলৈ নতুন চিন্তা আনি দিছে শুকুৰবাৰৰ প্ৰফাইল ফটো সলনি কৰাৰ প্ৰক্ৰিয়াই ৷ উল্লেখ কৰিব পাৰি, শুকুৰবাৰৰ দিনটোত অসমৰ দুয়োগৰাকী ৰাজনীতিকৰ প্ৰফাইল ফটোত দ্ৰুতগতিত বঢ়া দেখা গৈছে লাইকৰ সংখ্যা ৷ বৰ্তমান সময়ত অসমৰ এই দুয়োগৰাকী ৰাজনীতিকেই ৰাজনীতিৰ ক্ষেত্ৰতযে জনপ্ৰিয়তাৰ তুংগত সেয়াও বৃদ্ধি পোৱা লাইকৰ সংখ্যাৰ পৰা অনুমান কৰিব পাৰি ৷ অৱশ্যে শুকুৰবাৰে অসমৰ আন বহু কেইগৰাকী ৰাজনীতিকেও সলনি কৰিছে নিজৰ প্ৰফাইল ফটো ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি