• Home
  • »
  • News
  • »
  • assam
  • »
  • জনতা ভৱনত জিএমচিৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

জনতা ভৱনত জিএমচিৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

মুখ্যমন্ত্ৰীয়ে অধ্যক্ষতা কৰা এই বৈঠকখনত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী যোগান, পথত পোহৰ ব্যৱস্থা, কৃত্ৰিম বান আদি বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ দিশত আলোচনা কৰা হয়।

  • Share this:
জনতা ভৱনত মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীয়ে অধ্যক্ষতা কৰা এই বৈঠকখনত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী যোগান, পথত পোহৰ ব্যৱস্থা, কৃত্ৰিম বান আদি বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ দিশত আলোচনা কৰা হয়। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানসমূহৰ প্ৰতিকাৰ আৰু সমাধানৰ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰা লগতে গুৱাহাটী পৌৰ নিগমক অধিক সক্ৰিয় আৰু স্বাৱলম্বী অনুষ্ঠানলৈ ৰূপান্তৰ কৰাটো ৰাজ্যৰ বৰ্তমানৰ প্ৰশাসন ব্যৱস্থাৰ এক অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ বুলিও জনায়। ইয়াৰোপৰি আগন্তুক দিনত সকলোৰে সহযোগিতাৰে গুৱাহাটী পৌৰ নিগম এক আদৰ্শ অনুষ্ঠান হিচাপে উজলি উঠিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, উক্ত বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব কবিতা পদ্মনাভন, পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালো উপস্থিত থাকে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি