মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিভিন্ন দল সংগঠনৰ মহিলা-যুৱতীয়ে ৰাখী পিন্ধালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক, ভগ্নীসকলক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

বিভিন্ন দল সংগঠনৰ মহিলা-যুৱতীয়ে ৰাখী পিন্ধালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক, ভগ্নীসকলক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:August 22, 2021, 5:07 PM IST
বিভিন্ন দল সংগঠনৰ মহিলা-যুৱতীয়ে ৰাখী পিন্ধালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক, ভগ্নীসকলক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাখী পিন্ধোৱা সকলোকে একোখনকৈ শ্ৰীকৃষ্ণৰ গীতা ভাগৱত উপহাৰ হিচাপে দিয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাখী পিন্ধোৱা সকলোকে একোখনকৈ শ্ৰীকৃষ্ণৰ গীতা ভাগৱত উপহাৰ হিচাপে দিয়ে।

  • Share this:
আজি ৰাখী বন্ধন। দেওবাৰৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মহিলা আৰু যুৱতীসকলে ৰাখী পিন্ধালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। মহানগৰীৰ মন্ত্ৰী কলনীৰ পাৰ্কত মুখ্যমন্ত্ৰীক ৰাখী পিন্ধাই ৰাষ্ট্ৰীয় সেৱিকা কমিটী, লায়ন্স ক্লাৱ, মাৰোৱাৰী সন্নিলন, বিজেপি মহিলা মৰ্চা, কল্যাণ আশ্ৰম, ব্ৰহ্ম কুমাৰী, মাৰোৱাৰী সমাজ গ্ৰুপ, সৃষ্টি চিলৰেণ্ডৰ মহিলা আৰু যুৱতীসকলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাখী পিন্ধোৱা সকলোকে একোখনকৈ শ্ৰীকৃষ্ণৰ গীতা ভাগৱত উপহাৰ হিচাপে দিয়ে। দেওবাৰৰ এই পবিত্ৰ দিনটোৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখী পিন্ধোৱা হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'ককায়েক হিচাপে ভাবিয়েই বিভিন্ন গৰাকী মহিলা আৰু যুৱতীয়ে মোক আজি ৰাখী পিন্ধালে , এই ৰাখীৰ শক্তিৰেই মই ৰাজ্যবাসীক অধিক উদ্যমেৰে সেৱা কৰিব পাৰিম।'
Published by: Himangshu Bhuyan
First published: August 22, 2021, 11:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি