সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।
সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।
সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে।
কি কি সিদ্ধান্ত লোৱা হ'ল কেবিনেট বৈঠকত?
- আজিৰ পৰা অসমত ৰেভিনিউ টাউন নাথাকিব ৷ পূৰ্বতে মিউনিচিপাল বৰ্ড নথকা ঠাই ৰেভিনিউ টাউন হিচাপে জনা গৈছিল ৷ সেই ঠাই সমূহত টাউনৰ হিচাপত মাটিৰ প্ৰিমিয়াম দিবলগীয়া হৈছিল। এতিয়াৰ পৰা সেই ব্যৱস্থা নাথাকিব ৷
- টাউন আৰু পেৰিফেৰীয়েল এৰিয়া জিলা সদৰতহে থাকিব। ইয়াৰ ফলত মাটিৰ প্ৰিমিয়াম দিব নালাগিব।
- গাওঁ পঞ্চায়তৰ অধীনত ট্ৰেড লাইছেন্স নালাগে ৷ মোবাইল টাৱাৰ, দেশী-বিদেশী ৱাইন, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে লাগিব ট্ৰেড লাইসেন্স ৷
- শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনত ৰেজিষ্টাৰ থকা হ'ব লাগিব ৷ ৪০ বছৰৰ ওপৰৰ শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব ৷ পৰিচয় পত্ৰ দিবই লাগিব৷ এইসকলো ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই ৷ ১০০ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটী গঠন কৰিব লাগিব ৷
- GMCৰ নিৰ্বাচনত EVM ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ। বাজেট বৰ্হিভূত ২০০ৰ পৰা ২০০০ টকালৈ কণ্ট্ৰীজেন্সী ফাণ্ডলৈ বৃদ্ধি ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|