• Home
  • »
  • News
  • »
  • assam
  • »
  • Karbi Council Election : ''কাৰ্বি আংলঙৰ বিকাশৰ ৰে'লগাড়ীত আছে তিনিটা ইঞ্জিন''- কাৰ্বি স্বায়ত্তশাসিতপৰিষদৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

Karbi Council Election : ''কাৰ্বি আংলঙৰ বিকাশৰ ৰে'লগাড়ীত আছে তিনিটা ইঞ্জিন''- কাৰ্বি স্বায়ত্তশাসিতপৰিষদৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিকুল ইছলামৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিকুল ইছলামৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিকুল ইছলামৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া

  • Share this:
কাৰ্বি আংলঙৰ বিকাশৰ ৰে'লগাড়ীত লাগি আছে তিনিটা ইঞ্জিন- কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদত বিজেপি ৷ -এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্তশাসিতপৰিষদৰ নিৰ্বাচন ( Karbi Autonomous Council Election)  ৷ মুঠ ২৬টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক লৈ কাৰ্বি পাহাৰত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ ৷

সোমবাৰে কাৰ্বি আংলঙৰ চিনথং আৰু আমৰি দুটাকৈ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত চিনথং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিজিৎ ক্ৰ, আমৰি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডি উফিং মাচলাই, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, ২০নং বৈঠালাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণ উপস্থিত থাকে ৷

তিৱা ভাষাত ভাষণ আৰম্ভ কৰা উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ স্বভাৱসুলভভাৱে সকলোৰে সৈতে হাঁহি-ধেমালিৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

নিৰ্বাচনৰ পিছত যিদিনা পথৰ আধাৰশিলা কৰিবলৈ আহিম সেইদিনা দুপিচ গোৰ্খা ষ্টাইলত বনোৱা খাচি মাংস আৰু দুপিচ গাহৰি মাংস খাম বুলিও ৰাইজক ক’লে মুখ্যমন্ত্ৰীয়ে ৷ ইফালে কাৰ্বি আংলঙত (Karbi Anglong) উৎপাদিত আদাৰ দাম শুনি হতভম্ব হ’ল মুখ্যমন্ত্ৰী ৷ মাত্ৰ ৫ টকাত প্ৰতিকিলো আদা বিক্ৰী কৰিবলগীয়া হয় কাৰ্বি আংলঙৰ কৃষকে ৷ সেয়ে অতি শীঘ্ৰে কাৰ্বি আংলঙত আদা প্ৰক্ৰিয়াকৰণৰ এটা ইউনিট মুকলি কৰা হ'ব বুলি নিৰ্বাচনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে যাতায়াতৰ ক্ষেত্ৰত অধিক সুবিধা হোৱাকৈ নেলীৰ পৰা উলুকুঞ্চিলৈ যোৱা পথছোৱা দুইলেনযুক্ত পথলৈ ৰূপান্তৰ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰ্বি আংলঙত এইবাৰ বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কাৰ্বি পাহাৰত জিঅ' মোবাইল নেটৱৰ্ক স্থাপন কৰি কাৰ্বি আংলংবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব বুলিও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ইফালে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আচিকুল ইছলামৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, যিহেতু এয়া এক দুৰ্ঘটনা তাত ক'বলৈ একো নাই ৷ কিন্তু আইনৰ মাজেৰে আৰক্ষীয়ে সকলোকে আদালতৰ মজিয়ালৈ আনিব আৰু সকলোৱে শাস্তি পাব ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি