মঙলবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠক শিলচৰত অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু এই বৈঠকৰ আন এক আকৰ্ষণ আছিল এখন ‘লেম্বৰঘিনি’ বাহন। অসমৰ মুখ্যমন্ত্ৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত আয়োজিত কেবিনেট বৈঠকৰ শেষত এজন যুৱকে সাজি উলিওৱা ব্যয়বহুল ‘লেম্বৰঘিনি’ আৰ্হিৰ এখন বাহনত বহি ইয়াক চলাই আমেজ লয়। লগতে মুখ্যমন্ত্ৰীয়ে যুৱকজনক তেওঁৰ কামৰ বাবে উৎসাহিত কৰে। দৰাচলতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন ঠাইত কেবিনেট বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে ইয়াৰ বাবে সেই নগৰ অঞ্চলৰ উন্নতি হ’ব পাৰে।
তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট কৰি কয় যে, ‘‘শিলচৰত মোৰ দিনটোৰ কাম শেষ কৰাৰ পিছত আমাৰ কৰ্মকৰ্তাসকলৰ সৈতে ইটখোলাৰ পৰা চাৰ্কিট হাউচলৈ খোজ কাঢ়িলো। বাটত বহুতো উষ্ম হৃদয়ৰ লোকসকলক লগ পাই সুখী হ’লো। লগতে, কৰিমগঞ্জৰ এজন গাড়ী উৎসাহী যুৱক নুৰুল হকে একত্ৰিত 'লেম্বৰঘিনি' আৰ্হিৰ বাহনত কৰা বহি ইয়াৰ আমেজ ল’লো।’’
শিলচৰৰ ইটাখোলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ শেষত চহৰখনৰ চাৰ্কিত হাউচলৈ খোজ কাঢ়ি গৈ থাকোতে বাটত তেওঁৰ বাবে বিশেষকৈ কৰিমগঞ্জৰ নিবাসী যুৱক নুৰুল হকে এক আকৰ্ষণীয় বাহন একত্ৰিত কৰি সাজি উলিওৱা বাহনখনৰ আমেজ লোৱা পৰিলক্ষিত হয়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|