• Home
  • »
  • News
  • »
  • assam
  • »
  • Sonari College : সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Sonari College : সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ লগতে মহাবিদ্যালয়খনক স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ আশ্বাস

ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ লগতে মহাবিদ্যালয়খনক স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ আশ্বাস

ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ লগতে মহাবিদ্যালয়খনক স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ আশ্বাস

  • Share this:
চৰাইদেউ জিলাৰ  অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ ১৯৭০ চনৰ ৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানটি যোৱা ৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

আজি তৃতীয় দিনা পুৱা প্ৰায় ১০ বজাত পাঁচ হেজাৰ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে বিভিন্ন বিষয়ৰ ওপৰত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। সোণাৰি নগৰৰ মাজেৰে উলিওৱা এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কন্যাক জনগোষ্ঠী আৰু অৰুণাচল প্ৰদেশৰ ৱাংছু জনগোষ্ঠীৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাৰ বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ লগতে মহাবিদ্যালয়খনক স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা "স্বৰ্ণপল" শীৰ্ষক স্মৰণিকা উন্মোচন কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈ উপস্থিত থাকে৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি