মুখ্যপৃষ্ঠা »খবৰ »অসম »Himanta Biswa Sarma with Tata Group: মুম্বাইত টাটা গ্ৰুপৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma with Tata Group: মুম্বাইত টাটা গ্ৰুপৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

CM Himanta Biswa sarma in Mumbai: অসমত অধিক বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ টাটা গ্রুপক মুখ্যমন্ত্ৰীৰ আহ্বান

CM Himanta Biswa sarma in Mumbai: অসমত অধিক বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ টাটা গ্রুপক মুখ্যমন্ত্ৰীৰ আহ্বান

  • Share this:
তিনি দিনীয়াকৈ মুম্বাইত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে টাটা গ্ৰুপৰ শীৰ্ষ বিষয়ববীয়সকলৰ সৈতে অসমৰ উন্নয়নৰ বিষয় সামৰি কেইবাখনো বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্রশেষৰণৰ লগতে টাটা ছ'নছ, টাটা কনজিউমাৰ্ছ, টি চি এছ, টাটা টেকন'লজী, ইন্ডিয়ান হোটেল আৰু টাটা মটৰ্ছৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুম্বাইৰ (Mumbai) বোম্বে হাউছত আলোচনাত মিলিত হয় ৷

বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই  টাটা গ্রুপক (Tata Group) অসমত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অসমৰ স্বাস্থ্য, শিক্ষা, সেউজ আৰু নবীকৰণ শক্তি, পর্যটন আৰু আতিথ্য খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনায়। ইয়াৰ বাবে ৰাজ্য চৰকাৰে যথোচিত নীতি সলনি তথা মূলধনী ৰাজ সাহায্য ইত্যাদিৰ দৰে  প্রয়োজনীয় সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই টাটা গ্ৰুপক আশ্বাস প্রদান কৰে,  যাতে অসমক দেশৰ এক আগশাৰীৰ বিনিয়োগৰ স্থান হিচাপে পৰিগণিত কৰিব পৰা যায় ।

বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে (Chief Minister Himanta Biswa Sarma) লগতে টাটা ট্ৰাষ্টৰ উপাধ্যক্ষ বিজয় সিং, মুখ্য কার্যাবাহী বিষয়া শ্ৰীনাথ নৰসিংহমৰ উপৰি টাটা ট্ৰাষ্ট ন্যাস পৰিষদৰ অন্যান্য সদস্যসকলৰ সৈতেও আন এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত নিৰ্মাণৰত ৰাজ্যিক কৰ্কট প্রতিষ্ঠানসমূহৰ কাম-কাজৰ অগ্রগতি পর্যালোচনা কৰে ৷



উল্লেখযোগ্য যে ১৭খন এনে এটি কৰ্কট প্রতিষ্ঠানৰ ভিতৰত ২০২২ বৰ্ষৰ এপ্ৰিল মাহত ইয়াৰে ৭টা প্রতিষ্ঠান ৰাইজৰ সেৱাৰ বাবে উৎসর্গিত কৰাৰ লক্ষ্য লোৱা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে অসমত প্রস্তাৱিত দক্ষিণ এছিয়া কৰ্কট প্রতিষ্ঠান স্থাপনৰ প্ৰাথমিক প্রয়োজনীয়তাখিনি অধ্যয়নৰ বাবে টাটা ট্ৰাষ্টৰ এটা গোট নিয়োজিত কৰাৰ বাবে আহ্বান জনায় ৷

ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই টাটা কনছালটেন্সী ছাৰ্ভিচৰ প্রাক্তন উপাধ্যক্ষ, ভাৰতীয় তথ্য প্রযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ অধ্যক্ষ পদ্মভূষণ সুব্ৰমণিয়াম ৰামডোৰাইৰ সৈতেও এক আলোচনাত মিলিত হয় । আলোচনা কালত নতুন ধাৰণা তথা প্ৰযুক্তিৰ প্ৰয়োগেৰে অসমৰ শৈক্ষিক দিশৰ উৎকৰ্ষতাৰ কেইবাটাও দিশ বিস্তৃতভাৱে আলোচনা কৰে (Himanta Biswa Sarma at several meetings with top Tata Group) ।

ইপিনে, মুখ্যমন্ত্রীয়ে অসমৰ  শিশু স্বাস্থ্য প্ৰযত্নৰ সা-সুবিধা অধিক শক্তিশালীকৰণৰ বিষয় সামৰি এছ আৰ চি চি চিলড্ৰেনছ হাস্পতালৰ ফেচিলটি সঞ্চালক ৰূপেশ আৰ চুবেৰ সৈতেও আন এক আলোচনাত মিলিত হয় । আলোচনা কালত মুখ্যমন্ত্রীয়ে এছ আৰ চি চি চিলড্ৰেন হাস্পতালক (srcc children hospital) গুৱাহাটীৰ নতুন চুলাৰ স্পেচিয়োলিটি হাস্পতাললৈ শিশু স্নায়ু ৰোগ আৰু শিশুৰ হৃদযন্ত্র অস্ত্ৰোপচাৰ ইত্যাদিৰ দিশত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্রী ড° শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালকক এই সম্পর্কীয় এক বুজাবুজিৰ চুক্তিৰ খচৰা প্ৰস্তুত কৰাৰ বাবে নির্দেশ দিয়ে ।



মুখ্যমন্ত্ৰীয়ে লগতে মুম্বাইৰ তাজ চেম্বাৰত টাটা ট্রাষ্টৰ দক্ষতা উন্নয়ন পদক্ষেপৰ এক অন্যতম  অংগ টাটা ষ্টীভৰ মুখ্য কাৰ্যবাহী বিষয়া অনিতা ৰাজনৰ সৈতেও এক আলোচনাত মিলিত হয় । আলোচনা কালত অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৪ বছৰীয়া মেণ্টৰশ্বিপ কাৰ্যসূচী, আৰোহণ প্রকল্পলৈ টাটা ষ্টীভক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ লগতে আৰোহণ প্ৰকল্পৰ ছাত্ৰ-ছাত্ৰীসকল লৈ ছফট স্কীল উন্নয়নৰ দিশত সহায় কৰিবলৈ তেওঁ আহ্বান জনায়।

মুখ্যমন্ত্রী ড° শৰ্মাই টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ (Tata Institute of Social Sciences) সঞ্চালক ড০ শালিনী ভাৰতৰ সৈতেও তাজ চেম্বাৰত এক আলোচনাত মিলিত হয় । বৈঠকত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ গুৱাহাটী চৌহদৰ আন্তঃগাঁথনি তথা শৈক্ষিক কাম-কাজ শক্তিশালীকৰণৰ বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই বিশিষ্ট ই এন টি বিশেষজ্ঞ ডাঃ মিলিন্দ ভী কীৰ্তানেৰ সৈতে এক ভার্চুৱেল বৈঠকত মিলিত হয় ৷ অসমত ইএনটি চিকিৎসা সা-সুবিধা শক্তিশালীকৰণৰ বিভিন্ন দিশ সামৰি আলোচনা কৰে । অসমত এই দিশৰ এক বিশেষজ্ঞ গোট গঠন কৰাৰ দিশত সহায়ক হোৱাকৈ এপ্রিলৰ পৰা এক প্ৰশিক্ষণৰ কাৰ্যসূচী গ্রহণৰ বাবে মুখ্যমন্ত্রীয়ে ডাঃ মিলিন্দ ভী কীৰ্তানেক অনুৰোধ জনায় ৷

শেহতীয়া বাতৰি