মামা আহিছে, উথপথপ গুৱাহাটী বিশ্ববিদ্যালয়! অনলাইন পৰীক্ষা পাতিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ ভাগিনৰ
মামা আহিছে, উথপথপ গুৱাহাটী বিশ্ববিদ্যালয়! অনলাইন পৰীক্ষা পাতিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ ভাগিনৰ
গণৰাজ্য দিৱসৰ দিনটোত ৭৫ বছৰত ভৰি দিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস । উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি বিশ্ববিদ্যালয়খনৰ মহাৰজত জয়ন্তী উপলক্ষে বুধবাৰে অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ননিগোপাল মহন্তই অংশগ্ৰহণ কৰে অনুষ্ঠানত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই যথেষ্ট সংখ্যক শিক্ষাৰ্থীৰে ভিৰ কৰা পৰিলক্ষিত হয়। ছেলফী লব'লৈ লগাই হেতাওপৰা। ভাগিনসকলৰ মৰমলৈ সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো।
ফটো উঠাৰ সময়তে মামালৈ ভাগিনৰ বিশেষ আহ্বান। অফলাইনৰ পৰিৱৰ্তে অনলাইৰ জৰিয়তে পৰীক্ষা পাতিবলৈ শিক্ষাৰ্থীসকলে অনুৰোধ জনালে মুখ্যমন্ত্ৰীক। লগে লগে মামাই প্ৰশ্ন কৰিলে ভাগিনসকলক- অনলাইন অফলাইন পৰীক্ষাত সুবিধা কি ?
ভাগিনৰ উত্তৰ- অনলাইন ব্যৱস্থাত পাছ কৰাৰ সুবিধা বেছি ৷ সন্মুখত কিবা ৰাখি উত্তৰ দিব পাৰি ৷ ভাগিনৰ কথা শুনি মামা উত্তৰ- 'এতিয়াহে অনলাইন অফলাইন বুজিলো ৷' হ'ব এতিয়া সিদ্ধান্ত মই নিজে ল'ম ৷ এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত দেখা গ'ল মামা ভাগিনৰ কথোপকথন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|