পৰীক্ষাত পাছ কৰিব, ফলাফল পাব, চাকৰিও পাব। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাক লৈ দিল্লীত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, "এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকে চাকৰি পোৱা-নোপোৱাটোকলৈ ভুল বুজা-বুজি হৈছে। সকলোৱে চাকৰি পাব, কেৱল টেটৰ চাকৰিত এটা অসুবিধা আছে। নুবুজাকৈ বহুলোকে ভুলকৈ কৈ আছে। "
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ আন কোনো চাকৰিত মেট্ৰিক-হয়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ প্ৰয়োজন নাই ৷ কেৱল টেট পৰীক্ষাত প্ৰয়োজন হয় মেট্ৰিক-হয়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰ। সেয়ে টেট চাকৰিৰ বাবে বিশ্ভাৱে চিন্তা কৰিবলগীয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, "বাঘবৰ-জনিয়াত পৰীক্ষাৰ্থীক ১০০ নম্বৰ দি দিব,গতিকে বিগত আৰু অনাগত সময়ত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ কি হ’ব? অহা বছৰ পৰীক্ষা দিয়া, আগতে পৰীক্ষা দিয়া বেটছৰ কি হ'ব?"
তেওঁ আকৌ কয়, "সকলোকে যদি যোগ্য কৰি দিয়া হয় তেনেহ'লে অনাগত ১০ বছৰত এইটো বেটছৰ বাহিৰে কোনো বেটছৰ পৰীক্ষাৰ্থীয়ে অসমত চাকৰি নাপাব। অসমৰ ৪ লাখ চাকৰি এইটো বেটছৰ ৪ লাখ ল'ৰা-ছোৱালীয়েই পাই থাকিব। এনেক্ষেত্ৰত আগৰ আৰু পিছৰ বেটছৰ পৰীক্ষাৰ্থীয়ে আদালতত গোচৰ তৰিলে অন্য এক সমস্যাৰহে সৃষ্টি হ'ব।"
কেৱল এই বৰ্ষৰ নহয়, আগৰ আৰু আগন্তুক বৰ্ষৰ পৰীক্ষাৰ্থসকলৰো কথা বিবেচনা কৰি চৰকাৰে মূল্যায়ন নীতি প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কোনোবাই যদি এতিয়াও ইয়াতকৈ ভাল পৰামৰ্শ দিবলৈ আহ্বান জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|