জাতীয় জীৱনৰ উন্নয়নৰ বাবে অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কেবিনেট সিদ্ধান্ত অনুসৰি আটাইতকৈ সৰ্বোচ্চ সন্মান অসম বৈভৱ। ইয়াৰ পিছতে ক্ৰমে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। শনিবাৰে সংবাদমেল সম্বোধন কৰি সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসম বৈভৱ বঁটাঃ বিজয়ী জনক ৫ লাখ টকাৰে সন্মানিত কৰা হ'ব। বছৰি ২ লাখ টকাৰে চিকিৎসা ব্যৱস্থা কৰা হ'ব।
অসম সৌৰভ বঁটাঃ দ্বিতীয় সন্মান অসম সৌৰভ। ৪ লাখ টকাৰে সন্মানীত কৰা হ'ব। ৩ লাখ টকাৰ চিকিৎসা ব্যৱস্থা কৰা হ'ব। অসম সৌৰভ বটা প্ৰদান কৰিব তিনিগৰাকীক লোকক।
অসম গৌৰব বঁটাঃ তৃতীয় সৰ্বোচ্চ সন্মান হ'ব অসম গৌৰৱ বঁটা। এই বটাপ্ৰাপকক ৩ লাখ টকাৰে সন্মানীত কৰা হ'ব। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত ৩ লাখ টকা ব্যয় কৰিব।
অসম দিৱসৰ দিনটোত এই বটাসমূহ প্ৰদান কৰা হ'ব। ৰাইজৰ গণভিত্তি অনুসৰি এই বটা প্ৰদান কৰা হ'ব। যাৰ ব্যক্তিগত প্ৰতিভাই সমাজ উজ্বলাই তুলিছে তেনে ব্যক্তি এই বটা প্ৰদান কৰা হ'ব। বছৰি সৰ্বমুঠ ১৯ গৰাকী লোকক এই বটা প্ৰদান কৰা হ'ব। এই বছৰত ২৪ জানুৱাৰীত এই বটা প্ৰদান কৰা হ'ব। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই বছৰৰ অসম বৈভৱ বঁটা ৰতন টাটালৈ।
অসম সৌৰভ বঁটা লাভ কৰিবঃ কটন বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা কমলেণ্ডু দেৱ কুৱৰী, NHM মিছন সঞ্চালক লক্সমন এছ, দীপক ছান, লাভলীনা বৰগোহাঁই, নীলপৱন বৰুৱাই।
অসম গৌৰৱ বটা লাভ কৰিবঃ
স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে
GMCHৰ প্ৰৱক্তা বসন্ত হাজৰিকা, আকাশ জ্যোতি গগৈ, মনোজ কুমাৰ বসুমটাৰী, খৰচিং তেৰন।
মিলিজুলি আত্মসহায়ক গোটৰ সদস্য ববী হাজৰিকা।
গুণমালা, নামাঘোষা গামোচাত লিখাৰ বাবেহেমপ্ৰভা চুতীয়া।
স্বাস্থ্য বিভাগৰ ANM নমিতা কলিতা।
ভেকচিন লবলৈ সজাগতা সৃষ্টি কৰা বাবে বনিতা মমীন।
অসমৰ ভোট জলকীয়া , অসমীয়া যুৱকৰ বাবে আদৰ্শ কৌশিক বৰুৱ।
,পোচন অভিযানত বিশেষ ভূমিকা গ্ৰহণৰ বাবে কল্পনা বড়ো।
বি বৰুৱা চিকিৎসা প্ৰতিষ্ঠানত ব'ন মেৰু চিকিৎসাৰ বাবে ডা০ আশ্বিক ইকবাল
আৰু ধৰণীধৰ বড়োৱে।
Published by: Himangshu Bhuyan
First published: December 04, 2021, 13:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|