জালুকবাৰী সমষ্টিৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উন্নত ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে চাংসাৰি হাইস্কুল খেলপথাৰত আয়োজিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীর্ণ মেধাৱী শিক্ষার্থীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী।
তেওঁ মুখ্যমন্ত্ৰী হিচাপে নহয় স্থানীয় বিধায়ক হিচাপে উপস্থিত থকা বুলি উল্লেখ কৰি ভাষণ আগবঢ়ায়। ভাষণত ড° শৰ্মাই জালুকবাৰী সমষ্টিৰ শিক্ষা ব্যৱস্থা ২০০২ৰ তুলনাত ২০২২ত সাত হাজাৰ শতাংশ উন্নত হ'ল বুলি সদৰী কৰি ভৱিষ্যতৰ পৰিকল্পনা ঘোষণা কৰে ৷ ইয়াৰ লগতে শিক্ষাখণ্ডত জালুকবাৰীত সংযোজন কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলি পৰ্যন্ত হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰিসীমা বৃদ্ধি কৰাৰ লগতে শৰাইঘাটৰ ওপৰত আন এখন দলং নিৰ্মাণৰ কথা সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয়- জালুকবাৰীৰ যুৱক-যুৱতীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি কৰাৰ পৰিক্ৰমা কেতিয়াবাই এৰি থৈ আহিলে ৷ এতিয়া দহজনক সংস্থাপনহে দিব ৷''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|