মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: বিয়া নপতা সকলে বিয়া পাতি পিতৃ-মাতৃক পাহৰি নাযাব- চাকৰি প্ৰাপকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

Assam News: বিয়া নপতা সকলে বিয়া পাতি পিতৃ-মাতৃক পাহৰি নাযাব- চাকৰি প্ৰাপকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আয়োজন কৰা বৃহৎ নিযুক্তি মেলাত নিজৰ ভাষণত চাকৰি পোৱা সকলক উদ্দেশ্যি বহু কেইটা গুৰুত্বপূৰ্ণ আহ্বান কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷

  • Share this:
বৃহস্পতিবাৰে ইতিহাস ৰচি অসম চৰকাৰে প্ৰায় ৪৫হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিলে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আয়োজন কৰা বৃহৎ নিযুক্তি মেলাত নিজৰ ভাষণত চাকৰি পোৱা সকলক উদ্দেশ্যি বহু কেইটা গুৰুত্বপূৰ্ণ আহ্বান কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷

তেওঁ কয় যে, ‘‘চাকৰি পোৱা সকলে প্ৰতিটো পল আৰু ক্ষণ অসম আৰু ভাৰতৰ বাবে সমৰ্পন কৰক ৷ সমৰ্পন কৰক দৰিদ্ৰৰ বাবে ৷ দৰিদ্ৰ নিম্ন মধ্যবিত্তৰ পৰা কাম কৰি দিয়াৰ নামত দুৰ্নীতি নকৰাকৈ চাকৰি কৰাৰ সংকল্প লওক ৷ এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন অসম আপোনালোকৰ ৷ এইখন নতুন অসমৰ নিৰ্মাণৰ সংকল্প লওক প্ৰতিগৰাকী নিযুক্তি প্ৰাপকে।’’ লগতে তেওঁ কয় যে, ‘‘সকলোৱে নিজৰ পিতৃ মাতৃৰ বাবে হাত চাপৰী মাৰক ৷ বিয়া নকৰোৱাখিনিয়ে, বিয়া পাতি পিতৃ মাতৃক যাতে নাপাহৰে, পাহৰি নাযাব কিন্তু ৷ পিতৃ মাতৃৰ অসীম ত্যাগৰ বলতহে মই আজি এই স্থানত আছোঁ ৷ আপোনালোকো এই স্থান পাইছেহি ৷ অসমে আকাশ চোৱাৰ যাত্ৰা পথৰ সময়ৰ চাকৰিয়াল আপোনালোক ৷ আজিৰ পৰা চাকৰি পোৱা সকলে অৰুণোদয় আঁচনি ত্যাগ কৰিব লাগিব , গাঁৱৰ দুখীয়া কোনোবাক দিব লাগিব আপোনাৰ অৰুণোদয়ৰ সুবিধা ৷ অসমৰ অৰ্থনীতিয়ে ১লাখক নিযুক্তি দিয়াৰ কথা মানি ল'ব নোৱাৰে, কিন্তু কৈ দিছিলোঁ নিৰ্বাচনৰ সময়ত একো নভৱাকৈয়ে ৷ কিন্তু আজি এটকাও ঘোচ নিদিয়াকৈ যে চাকৰি পাব পাৰি অসমৰ ৰাইজে বিশ্বাস কৰিছে ৷ আস্থাত লৈছে চৰকাৰক ৷ নেদেখাজনৰ, মোদী ডাঙৰীয়াৰ, শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত সকলো বাস্তৱ হৈছে ৷’’

অনুষ্ঠানত নিজৰ ভাষণত এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাকৰি লাভ কৰা সকলক উপদেশ, পৰামৰ্শ দিয়ে।

শেহতীয়া বাতৰি