অসম চৰকাৰে অসমৰ দুটা ‘মৃতপ্ৰায়’ কাগজ কল (Paper Mill)ৰ আন্তঃগাঁথনিত ব্যক্তিগত খণ্ডক অন্য উদ্যোগ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিবলৈ আগ্ৰহ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই নতুন দিল্লীত PTIক আজি প্ৰদান কৰা এক সাক্ষাৎকাৰত এই কথা সদৰী কৰে । তেওঁ কয় – কোনোবা কৰ্প'ৰেট প্ৰতিষ্ঠান কাগজ কল দুটাৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিলে চৰকাৰে সহযোগ কৰিব। কাগজ উৎপাদন নকৰি অন্য সামগ্ৰীৰ উদ্যোগ প্ৰতিষ্ঠা কৰিলেও কৰিব পাৰিব ।
শৰ্মাই লগতে কয় – যদিও Hindustan Paper Corporation Limited চমুকৈ HPCLৰ দ্বাৰা পৰিচালিত নগাঁও কাগজ কল 9Nagaon Paper Mill) আৰু কাছাৰ কাগজ কল (Cachar Paper Mill)ত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই; কিন্তু কল কেইটাত কৰ্মৰত লোকৰ সন্তানৰ কাৰণে বিনামূলীয়া বিজুলী, চিকিৎসা সেৱা আৰু শিক্ষা প্ৰদান কৰি থকা হৈছে । এতিয়ালৈ প্ৰায় ১০০কোটি টকা মূল্যৰ বিজুলী কৰ্মচাৰী সকলক বিনামূলীয়াকৈ যোগান ধৰা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰভাৱিত কৰ্মচাৰীৰ সকলক সকাহ দিবলৈ চৰকাৰে বহু কেইটা মানৱীয় পদক্ষেপ গ্ৰহণ কৰা বুলিও উল্লেখ কৰে শৰ্মাই । উল্লেখযোগ্য যে কল দুটা বন্ধ হৈ যোৱাত কৰ্মৰত লোক সকল অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ পৰিছে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰৰ হাতত পুঁজি নাই বুলি স্পষ্ট কৰি দিয়ে । তেওঁ কয় – অসম চৰকাৰ বাজেট কম, তেনেস্থলত কল দুটাৰ কাৰণে ক’ৰ পৰা পইচা আহিব ? কল দুটাৰ যন্ত্ৰ-পাতি সমূহ উৱলি যোৱা বুলি উল্লেখ কৰি তেওঁ কয় – বিকাশক্ষম হৈ নথকাৰ কাৰণে HPCLএ কাগজ উৎপাদন বন্ধ কৰিছিল ।
যিহেতু কাগজ কল পৰিচালনাৰ বিষয়টো National Company Law Tribunal (NCLT)ৰ বিচাৰাধীন হৈ আছে গতিকে ৰাজ্য চৰকাৰৰ ভূমিকা অতি সীমিত বুলিও মন্তব্য কৰে শৰ্মাই ।
২০১৬চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ কাৰ্যকালত দুয়োটা কল ইয়াৰ বিপৰীতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল । এইবাৰৰ নিৰ্বাচনটো শাসক দলটো অনুৰূপ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । অসমৰ আন দল সংগঠন সমূহেও কল দুটা নিলাম নকৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছে । কল দুটাৰ কৰ্মচাৰীৰ পাবলগীয়া ধন পৰিশোধ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় – এবাৰ কল দুটা নিলামত বিক্ৰী হৈ যোৱাৰ পিছত তেওঁলোকক NCLTৰ নিয়ম অনুসৰি Providend Fund আৰু Gratuityৰ ধন সৰ্ব প্রথমে মুকলি কৰি দিয়া হ’ব ।
উল্লেখযোগ্য যে, ২০১৫চনৰ অক্টোবৰৰ ২০ তাৰিখে কাছাৰ কাগজ কল বন্ধ হৈছিল । নগাঁও কাগজ কল বন্ধ হৈছিল ২০১৭চনৰ ৩১মার্চত । যোৱা ৫৪মাহ ধৰি কাগজ কল দুটাৰ কৰ্মচাৰী সকলে দৰমহা পোৱা নাই । অৱশ্যে নিয়ম অনুসাৰে তেওঁলোকে ১৮মাহৰ দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে শৰ্মাই । কল দুটা বন্ধ হৈ যোৱাৰ পিছত ৯১জন কৰ্মচাৰীৰ মৃত্যু হৈছে ।
ইতিমধ্যে NCLTৰ নিৰ্দেশ অনুসৰি HPCLৰ Liquidatorএ দুখনকৈ নিলামৰ জাননী প্রকাশ কৰিছে । অন্তিমখন জাননীত কল দুটাৰ সৰ্বনিম্ন মূল্য ৯৬৯কোটি টকা ধাৰ্য কৰা হৈছে । এতিয়ালৈকে কল দুটা কিনিবলৈ কোনেও আগ্ৰহ প্ৰকাশ কৰা নাই ।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 01, 2021, 17:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।