মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ন-ৰূপেৰে জ্বিলিকিব গুৱাহাটী মহানগৰী! গুৱাহাটী মহানগৰীৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনি!

ন-ৰূপেৰে জ্বিলিকিব গুৱাহাটী মহানগৰী! গুৱাহাটী মহানগৰীৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনি!

News18 Assam | News18-Assam
Updated:August 14, 2021, 5:42 PM IST
ন-ৰূপেৰে জ্বিলিকিব গুৱাহাটী মহানগৰী! গুৱাহাটী মহানগৰীৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনি!
পূজাৰ পূৰ্বে মুকলি হ'ব চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰঃ মুখ্যমন্ত্ৰী

পূজাৰ পূৰ্বে মুকলি হ'ব চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰঃ মুখ্যমন্ত্ৰী

  • Share this:
শীঘ্ৰে ন-ৰূপেৰে জ্বিলিকি উঠিব গুৱাহাটী মহানগৰী। শীঘ্ৰেনগুৱাহাটীত মুকলি হ'ব তিনিখন প্ৰাকৃতিক উদ্যান ৷ হেঙেৰাবাৰী ৰাজহুৱা উদ্যানৰ আধাৰ শিলা স্থাপন কৰি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ প্ৰায় ১৫ বিঘা ভূমিত নিৰ্মাণ হ'ব এই উদ্যান ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ অধীনত নিৰ্মাণ হ'বলগীয়া আন দুখন উদ্যান ক্ৰমে- মালিগাওঁ আৰু ফাঁচীবজাৰ পুৰণি জে'ল ৷ এই দুই স্থানত হ'ব উদ্যান ৷ মুখ্যমন্ত্ৰীৰ সদিচ্চাৰ বাবে এয়া সম্ভৱ বুলি মন্তব্য GMDAৰ মন্ত্ৰী অশোক সিংঘালৰ ৷

অনুষ্ঠানতে গুৱাহাটী মহানগৰীৰ প্ৰসাৰ আৰু উন্নয়ন সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা- পূজাৰ পূৰ্বে মুকলি হ'ব চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰ ৷ ইতিমধ্যে মালিগাওঁ, চেৰাৱভাটি ফ্লাই অভাৰৰ পাইলিং কাম সম্পন্ন হৈছে ৷

অৱশ্যে ইয়াৰ বিপৰীতে চন্দ্ৰপুৰবাসীৰ মনত আঘাত দি মুখ্যমন্ত্ৰীৰ ঘোষণা- ডাম্পিং গ্ৰাউণ্ড সঠিক স্থান নিৰ্ণয় নহোৱা পৰ্য্যন্ত চন্দ্ৰপুৰতে পেলোৱা হব জাৱৰ ৷ একেসময়তে চন্দ্ৰপুৰবাসীলৈ ভাল খৱৰ সৰুসজাইৰ অনুৰূপ ৰূপে চন্দ্ৰপুৰত নিৰ্মাণ হ'ব এখন ষ্টেডিয়াম।
Published by: Himangshu Bhuyan
First published: August 14, 2021, 5:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি