"বিধানসভাত কংগ্ৰেছ দলৰ অস্তিত্ব বৰ্তাই ৰাখিছিল ৰূপজ্যোতি কুৰ্মীয়ে । এতিয়া ৰূপজ্যোতি নোহোৱাত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ পৰিছে।"
"বিধানসভাত কংগ্ৰেছ দলৰ অস্তিত্ব বৰ্তাই ৰাখিছিল ৰূপজ্যোতি কুৰ্মীয়ে । এতিয়া ৰূপজ্যোতি নোহোৱাত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ পৰিছে।"
যোৰহাট জিলাৰ মৰিয়নি (Mariani) বিধানসভা সমষ্টিত মেটমৰা আচনিৰ সম্ভাৰ লৈ শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই । ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ক আগত লৈ মুখ্যমন্ত্ৰীয়ে মৰিয়নি সমষ্টিৰ বিশেষকৈ চাহ বাগিচাৰ লোকসকলৰ বাবে ঘোষণা কৰিলে ইটোৰ পিছত সিটো আঁচনি ।
মুখ্যমন্ত্ৰীয়ে প্ৰথমে দকলঙীয়া চাহ বাগিচাৰ হাতীগড় খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে । তাৰ পিছতে নাগাজাঙ্কা , দিহিঙ্গিয়াপাৰ চাহ বাগিচা খেলপথাৰ আৰু তিৰুৱাল প্ৰাথমিক বিদ্যালয় খেলপথাৰত মেটমৰা আঁচনিৰ সম্ভাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ বাগিচাৰ লোকসকলৰ সঙস্কৃতিৰ পৰা ষ্টেডিয়ামলৈকে সকলোখিনি সামৰি যেন মৰিয়নি সমষ্টিৰ বাবে বিশেষ পেকেজহে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । অচিৰেই চাহ বাগিচাৰ সংস্কৃতিৰ এক বৃহৎ অনুষ্ঠান গুৱাহাটী আৰু দিল্লীত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানলৈ মৰিয়নিৰ পৰাও এটা দল নিয়া হ'ব । হাতীৰ বাবে মৰিয়নি সমষ্টিৰ বহু ঠাইত কৃষকে খেতি কৰিব নোৱাৰে । ৰূপজ্যোতি কুৰ্মীৰ পৰা এই কথা জনাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বৈদ্যুতিক ফেঞ্চিঙৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে । মৰিয়নিত অচিৰেই আৰু ছয় হাজাৰ পৰিয়ালক অৰোণোদয় আঁচনি প্ৰদান কৰা হ'ব । পূৰ্বে মৰিয়নিত ১৬ হাজাৰ পৰিয়ালে অৰোণোদয় আঁচনি লাভ কৰিছিল ।
মৰিয়নিৰ ৪০খন চাহ বাগিচাত বিদ্যুৎ সংযোগৰ বাবে পুনৰ এক কোটি টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অহা ছমাহৰ ভিতৰত মৰিয়নিৰ ৪০খন বাগিচাৰ প্ৰতিটো পৰিয়াললৈ পানী যোগানৰ ব্যৱস্থা নিশ্চিত কৰা হ'ব। মৰিয়নি সমষ্টিৰ বাগিচাসমূহৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ১০ খন কম্পোজিত স্কুল স্থাপন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মৰিয়নিত এখন চৰকাৰী কলেজো স্থাপনৰ প্ৰতিশ্ৰতি দিয়ে। মৰিয়নি সমষ্টিলৈ ১২ কোটি টকা দিয়া হৈছে ষ্টেডিয়াম নিৰ্মাণৰ বাবে । বাগিচাৰ সকলো লোকৰ হাতত চিকিৎসাৰ বাবে অটল অমৃত কাৰ্ড থকাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। চিকিৎসা মহাবিদ্যালয়সমূহৰ কাষj চাহ বাগিচাৰ লোকৰ বাবে আশ্ৰয় গৃহ নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই । অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । চৰকাৰে প্ৰদান কৰিব লগা এক লাখ চাকৰিৰ ভিতৰত চাহ বাগিচাসমূহত যাতে চাহ জনগোষ্ঠীৰ লোকক নিযুক্তি দিব পৰা যায় সেই সন্দৰ্ভতো আলোচনা কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবাৰ কৰম পুজাত প্ৰথম বাৰৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ দিয়াৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মৰিয়নি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ৰূপজ্যোতি কুৰ্মীক পুনৰ বিজেপি দলৰ পৰা জিকাই পঠাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
"বিধানসভাত কংগ্ৰেছ (Congress) দলৰ অস্তিত্ব বৰ্তাই ৰাখিছিল ৰূপজ্যোতি কুৰ্মীয়ে । এতিয়া ৰূপজ্যোতি নোহোৱাত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ পৰিছে । অখিল গগৈ (Akhil Gogoi)ৰ কথা মই বিশেষ নকওঁ। তেওঁ কৰিম বুলি আশ্বাস দিয়া কামবোৰ কেনেকৈ কৰিব, মুখ্যমন্ত্ৰী মইহে। সেয়েহে মই ভাবিছোঁ তেওঁ হয়তো মঙ্গল গ্ৰহত ৰূপায়ণ কৰাৰ আশাৰে বিভিন্ন প্ৰতিশ্ৰুতি ৰাইজক দি আছে।" মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিয়নি সমষ্টিত পথ নিৰ্মাণৰ বাবে ৪০ কোটি টকা মুকলি কৰি দিয়া, ১৫ কোটি টকা ব্যয় সাপেক্ষে আইন মহাবিদ্যালয় স্থাপন কৰা, ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১২ কোটি টকা দিয়াকে ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপসমূহ ৰাইজৰ আগত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলায় ৰূপজ্যোতি কুৰ্মীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|