உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নৰ্থ ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ! প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

    নৰ্থ ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ! প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

    ২০৪৭ চনত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল ভাৰত হব ! মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

    ২০৪৭ চনত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল ভাৰত হব ! মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

    ২০৪৭ চনত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল ভাৰত হব ! মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

    • Share this:
    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠান ৷ আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। লগত উপস্থিত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইখন বিশিষ্ট লোক ৷

    অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয়, 'এই ভাৰত শ্ৰেষ্ঠ ভাৰত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুস্তানক পৃথিবীৰ ভিতৰত সৰ্বশ্ৰেষ্ট ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য স্থিৰ কৰিছে ৷ উত্তৰ-পূৱত এতিয়া পোহৰৰ চিকমিকনী ৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৱক অষ্টলক্ষ্মী আখ্যা দিছে ৷ দেশৰ এটা ইঞ্জিন ৰূপে কাম কৰে উত্তৰ পূৱে ৷ ভৌগোলিক স্থানৰ পৰা কোনো গুণে কম নহয় উত্তৰ পূৱ।'

    সৰ্বানন্দ সোণোৱালৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াই ভাষণ ৷ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৩২ কিলোমিটাৰ ইলোভেটৰ কৰিড'ৰ নিৰ্মাণ হ'ব কাজিৰঙাত। দেশৰ স্বাধীনতা আন্দোলনত অংশ লোৱা উত্তৰ-পূৱৰ বীৰ বীৰঙ্গনাক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ এক ভাৰত শ্ৰেষ্ঠ ভাৰত মানসিকতা ৰাখি অসমবাসীক কাম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ৷ মুখ্যমন্ত্ৰীৰ ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'মই জয়ন্তীয়া'- শীৰ্ষক কবিতা পাঠ কৰে ৷ উত্তৰ পূৱত দ্বৈত ৰেলৱে লাইন নিৰ্মাণ, এক্সপ্ৰেছ হাইৱে নিৰ্মাণত প্ৰধানমন্ত্ৰীয়ে বিশেষ পদক্ষেপ লোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ আহি প্ৰথমে ত্ৰিপুৰা, মেঘালয়ৰ পাছত অসমৰ একাংশ জিলাৰ পৰা আফচা প্ৰত্যাহাৰ কৰিছে ৷ যিটো অসম তথা উত্তৰ পূৱৰ বাবে বিশেষ পদক্ষেপ বুলি মন্তব্য৷

    অসম মেঘালয় সীমা সমস্যা প্ৰায় সমাধান দিশে ৷ তাৰ পিছত অসম নাগালেণ্ডৰ সীমা সমস্যা ক্ষেত্ৰত আলোচনা হব বুলি মন্তব্য ৷ প্ৰধানমন্ত্ৰী দেখুওৱা পথেৰে আগবাঢ়িছে উত্তৰ পূৱ ৷ উড়াণ আঁচনিৰ জৰিয়তে উত্তৰ-পূৱৰ ৰাজ্যসমূহত বিমান বন্দৰ নিৰ্মাণ হৈছে ৷ ব্ৰডগজ নিৰ্মাণৰ কাৰণে আমি চিন্তা কৰিছিলো। কিন্তু এতিয়া মোদী চৰকাৰৰ বাবে বৈদ্যুতিকৰণ সম্ভৱ হৈছে। ৰাষ্ট্ৰপতিৰ সন্মুখত এনেদৰে মন্তব্য ৰাখে মুখ্যমন্ত্ৰী শৰ্মাই।
    Published by:Himangshu Bhuyan
    First published: