অব্যাহত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইটাৰ যুদ্ধ। অসমৰ কেইবাখনো বিদ্যালয় বন্ধ কৰাৰ প্ৰসংগত আৰম্ভ হোৱা দেশৰ চৰ্চিত দুই মুখ্যমন্ত্ৰীৰ মাজৰ টুইটাৰ যুদ্ধত আজি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে– ''আপুনি দিল্লীখনক লণ্ডন আৰু পেৰিছৰ দৰে বনোৱাৰ পিছত শাসন ক্ষমতালৈ আহিছে, এই কথা মনত আছে আপোনাৰ কেজৰিৱালজী? একো কৰিব নোৱাৰি এতিয়া দিল্লীৰ তুলনা অসম বা উত্তৰ–পূৰ্বাঞ্চলৰ সৰু সৰু চহৰৰ সৈতে কৰিবলৈ ধৰিছে! বিশ্বাস কৰক, দিল্লীৰ দৰে চহৰ তথা অঞ্চল যদি বিজেপিয়ে পায়, তেন্তে দলটোৱে ইয়াক বিশ্বৰ সবাতোকৈ সমৃদ্ধ চহৰলৈ পৰিৱৰ্তন কৰিব।''
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ টুইটৰ উত্তৰত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ উত্তৰ– ''আপুনি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে– 'আপোনাৰ চৰকাৰী বিদ্যালয় চাবলৈ মই কেতিয়া যাম?' যদি বিদ্যালয়সমূহৰ অৱস্থা ভাল নহয়, তেন্তে কোনো কথা নাই, আমি একলগ হৈ ঠিক কৰিম না।''
এইবাৰ মুখ্যমন্ত্ৰীৰ টুইট– ''অৰবিন্দ কেজৰিৱালজী, আজি আপুনি অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু মোৰ দুখ লাগে যে আপুনি এই ইচ্ছা তেতিয়া প্ৰকাশ নকৰে, যেতিয়া অসমৰ লোকসকল বান আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সৈতে যুঁজি থাকে।
আৰু এটা কথা, আপোনাৰ উপ–মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াকতো অসমলৈ আমন্ত্ৰণ জনোৱা হৈছেই।''
উল্লেখ্য, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল নোহোৱা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা অসম চৰকাৰক লৈ কেজৰিৱালে টুইট কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয়। ইয়াৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰি কেজৰিৱালক লক্ষ্য কৰি টুইট কৰে। এয়াই আৰম্ভণি।
তাৰ পিছত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত বাক্যযুদ্ধ চলি আছে। কালি কেজৰিৱালে ''অসম চৰকাৰৰ ভাল কাম-কাজবোৰ চাবলৈ মাতিলে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে আৰু ইজনে সিজনৰ পৰা শিকিলেহে ভাৰত ১ নম্বৰ হ’ব'' বুলি কৈছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছিল– ‘আপুনি ভাৰতক ১ নং বনাব নালাগে, মোদী জীয়ে ইতিমধ্যে এই কাম কৰি আছে।’
উল্লেখ্য, অসম–দিল্লীৰ মুখ্যমন্ত্ৰীৰ যুদ্ধই দৃষ্টি আকৰ্ষণ কৰিছে দেশৰ ৰাজনৈতিক মহলৰ। গুৰুত্বপূৰ্ণ যে দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াৰ বিৰুদ্ধে অসমত পিপিই কিট কেলেংকাৰি সন্দৰ্ভত কৰা অভিযোগক লৈ শিশোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু শেহতীয়াকৈ মনীষ শিশোদিয়াক ক'ৰ্টত হাজিৰ হোৱাৰ বাবে জাননীও জাৰি কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|