• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা বিজু ফুকনৰ পঞ্চম মৃত্যু বাৰ্ষিকী; শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা বিজু ফুকনৰ পঞ্চম মৃত্যু বাৰ্ষিকী; শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চিনেমা জগতত ‘বিজু দা’ নামেৰে খ্যাত হৈ পৰা অভিনেতাজনে চলচিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ভ্ৰম্যমাণ থিয়েটাৰতো নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল

চিনেমা জগতত ‘বিজু দা’ নামেৰে খ্যাত হৈ পৰা অভিনেতাজনে চলচিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ভ্ৰম্যমাণ থিয়েটাৰতো নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল

চিনেমা জগতত ‘বিজু দা’ নামেৰে খ্যাত হৈ পৰা অভিনেতাজনে চলচিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ভ্ৰম্যমাণ থিয়েটাৰতো নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল

  • Share this:
প্ৰখাত অসমীয়া অভিনেতা বিজু ফুকনৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী। আজিৰ পৰা ৫ বছৰ পূৰ্বে অৰ্থাৎ ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে আজিৰ দিনটোতেই মহান অভিনেতাগৰাকীয়ে ইহলীলা সম্বৰণ কৰিছিল। ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা বিজু ফুকনে অসমীয়া চলচিত্ৰ জগতত ড৹ বেজবৰুৱা ছবিৰে আত্মপ্ৰকাশ কৰিছিল। চিনেমা জগতত ‘বিজু দা’ নামেৰে খ্যাত হৈ পৰা অভিনেতাজনে চলচিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ভ্ৰম্যমাণ থিয়েটাৰতো নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল। ইয়াৰোপৰি তেওঁ ‘ভাই–ভাই’ নামৰ ছবিখন পৰিচালনা কৰিছিল। তেওঁৰ ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপ’ল' চিকিৎসালয়ত মৃত্যু হৈছিল। মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই।



উল্লেখ্যে যে, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত অভিনেতাজনক সোঁৱৰি এটা পোষ্ট কৰে। তেওঁ লিখে যে,  ‘‘অসমীয়া চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা বিজুদাৰ মননশীল আৰু হৃদয়গ্ৰাহী অভিনয়ে মোৰ মনত শৈশৱৰে পৰা বিশেষ সাঁচ বহুৱাই ৰাখিছে। বিজুদা আজি কায়িকভাৱে নাথাকিলেও তেখেতৰ শৈল্পিক নিপুণতাৰ স্বাক্ষৰে আমাৰ মাজত তেখেতক সদায়েই জীয়াই ৰাখিব। চিৰসেউজ অভিনেতাগৰাকীয়ে অভিনয় কৰা এটি মনপৰশা গীতৰ কলিৰে আজি পৱিত্ৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷’’



ইয়াৰোপৰি, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীগৰাকীক সোঁৱৰি পোষ্ট এটা লিখে। তেওঁ লিখে যে, ‘‘মহানায়ক বিজু ফুকন এটি চিৰযুগমীয়া শিল্পীসত্তা, যাৰ সাৱলীল অভিনয়েৰে ধন্য হৈছিল অসমীয়া চিনেমা। সুদৰ্শন বিজুদাৰ কথা মনত পৰিলেই সজীৱ হৈ উঠে আমাৰ শৈশৱ, কৈশোৰ আৰু যুৱকালৰ তাহানিৰ দিনবোৰ। তেতিয়া তেখেতৰ প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ চিনেমাবোৰ ৰূপালী পৰ্দাত উপভোগ কৰি আমি আপ্লুত হৈছিলোঁ আৰু বহু দৰ্শকৰ দৰেই ময়ো হৈ পৰিছিলোঁ তেখেতৰ একান্ত অনুৰাগী। পৰৱৰ্তীকালত বিজুদাৰ সান্নিধ্যপূৰ্ণ ক্ষণবোৰে আমাক আজিও নষ্টালজিক কৰি তোলে। মহানায়কগৰাকীলৈ আজি পুণ্যতিথিত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ দৰে অগণন গুণমুগ্ধৰ হৃদয়ত বিজুদা সদায় জীয়াই থাকিব আৰু অসমীয়া চলচ্চিত্ৰৰ নিৰৱচ্ছিন্ন ধাৰাটোত বিজুদা উজ্জ্বল নক্ষত্ৰ হৈ চিৰকাল উজলি ৰ'ব।’’
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি