মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : মিছন 'অবৈধ-স্বামী', ধুবুৰীত ৫০.৮ শতাংশ বাল্যবিবাহ, আন জিলাতো উদ্বেগজনক বাল্যবিবাহৰ পৰিসংখ্যা

CM Himanta Biswa Sarma : মিছন 'অবৈধ-স্বামী', ধুবুৰীত ৫০.৮ শতাংশ বাল্যবিবাহ, আন জিলাতো উদ্বেগজনক বাল্যবিবাহৰ পৰিসংখ্যা

সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অর্জন আৰু গৰ্ভৱতী কিশোৰীৰ সংখ্যা ৬.৪ শতাংশৰ বিপৰীতে অসমত এই সংখ্যা ১১.৭ শতাংশ

সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অর্জন আৰু গৰ্ভৱতী কিশোৰীৰ সংখ্যা ৬.৪ শতাংশৰ বিপৰীতে অসমত এই সংখ্যা ১১.৭ শতাংশ

  • Share this:

"৯দিনত ৫ হাজাৰ গোচৰ ৰুজু হৈছে ৷ গোচৰ আৰু বৃদ্ধি হ'ব ৷ নতুন নতুন তথ্য কাইলৈ ৰাইজে পাব ৷ জে'লত ঠাই নোহোৱা হ'লে বঢ়াব লাগিব ৷ মোল্লা,জোনাব,কাজি,পূজাৰী যি জড়িত আছে সকলো চোৱা হ'ব "— এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাল্য বিবাহক লৈ ৰাজ্যত জিলাভিত্তিক ৰুজু হোৱা গোচৰৰ তালিকা দিছিল ৷ তালিকা দিয়াৰ লগতে বিয়লি বিজেপি কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলতো সদৰি কৰিলে বাল্য বিবাহ (Child Marriage)ক লৈ হাতত লোৱা পদক্ষেপৰ কথা ৷


ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপ (NATIONAL FAMILY AND HEALTH SURVEY 2019-20)ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অর্জন আৰু গৰ্ভৱতী কিশোৰীৰ সংখ্যা ৬.৪ শতাংশৰ বিপৰীতে অসমত এই সংখ্যা ১১.৭ শতাংশ ৷ ঠিক একেদৰে অসমত ১৮বছৰৰ তলত বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা ৩১.৮ শতাংশ আৰু ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত ১৮বছৰৰ তলত বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা ২৩.৩ শতাংশ ৷


ইয়াৰ পৰা দেখা যায় যে অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অর্জন আৰু গর্ভৱতী হোৱা কিশোৰীৰ সংখ্যা সৰ্বভাৰতীয় পর্যায়তকৈ বেছি হোৱাৰ লগতে ১৮ বছৰৰ তলৰ কিশোৰীৰ বিবাহৰ সংখ্যাও উদ্বেগজনকভাৱে বেছি ৷ কেন্দ্রীয় চৰকাৰৰ প্ৰতিবেদনখনৰ মতে, একমাত্র সংখ্যালঘু বসতি প্রধান জিলাসমূহতেই নহয়, উজনি অসমৰ জিলাসমূহতো বাল্যবিবাহৰ সমস্যা আছে।


উদাহৰণস্বৰূপে, ধুবুৰী জিলাত ৫০.৮ শতাংশ, দক্ষিণ শালমাৰাত ৪৪.৭ শতাংশ, দৰং জিলাত ৪২.৮ শতাংশ, কৃষি, নগাঁৱত ৪২.৬ শতাংশ, গোৱালপাৰাত ৪১.৮ শতাংশ, বঙাইগাঁৱত ৪১.৭ শতাংশ, বৰপেটাত ৪০.১ শতাংশ, মৰিগাঁৱত ৩৯.১ শতাংশ, ১৮ বছৰৰ পূর্বেই বিবাহত বহাৰ বিপৰীতে ডিব্ৰুগড়ত ২৩ শতাংশ, শোণিত পুৰত ২৪ শতাংশ বিশ্বনাথত ২৫.৩ শতাংশ, ধেমাজিত ৩২ শতাংশ, কোকৰাঝাৰত ৩৬.২ শতাংশ, লখিমপুৰত ৩৬.৩ শতাংশ, শিৱসাগৰত ২৭,৯ শতাংশ, মাজুলীত ২৫.৫ শতাংশ, গোলাঘাটত ২০.৭ শতাংশ, ডিমা হাছাওত ১৬.৫ শতাংশ, কাছাৰত ২৯.৯ শতাংশ, হোজাইত ৩০.১ শতাংশ, হাইলাকান্দিত ৩২.৯ শতাংশ, যোৰহাটত ২৪.৯ শতাংশ, তিনিচুকীয়াত ২৪.৯ শতাংশ কামৰূপ মহানগৰত ২১.৯ শতাংশ কন্যা বাল্যবিবাহত বহিছে।


মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাই নাই এই সমস্যাটোৰ আশু সমাধান হ'বই বুলিও সজোৰে কৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ হোৱাৰ কথা কোৱাৰ লগতে আনকি বাল্য বিবাহৰ বলি হোৱা ভূক্তভোগীৰ সংস্থাপনক লৈও ক'লে এইদৰে, "বাল্য বিবাহৰ বলি হোৱা কিশোৰীৰ পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে। শিক্ষা ব্যৱস্থাৰ মাজলৈ ঘূৰাই লৈ নিয়াৰ চেষ্টা কৰা হ'ব। অৰুণোদয় আঁচনি, বিনামূলীয়া চাউল আদিৰ তৎক্ষণাৎ ব্যৱস্থা কৰা হ'ব। স্বামীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যাতে কিশোৰী কইনা গৰাকী বিপদত নপৰে সেয়াও লক্ষ্য ৰখা হ'ব, ৰাজ্য চৰকাৰে খুব সুক্ষ্মভাবে এই বিষয়টো চাব, আগন্তুক বাজেটত এই ক্ষেত্ৰত পুঁজি ধাৰ্য্য কৰা হ'ব ৷"

শেহতীয়া বাতৰি