• Home
  • »
  • News
  • »
  • assam
  • »
  • জনতা ভৱনত আয়োজিত সংবাদমেলযোগে দিল্লীত অনুষ্ঠিত হ'বলগীয়া মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা সদৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

জনতা ভৱনত আয়োজিত সংবাদমেলযোগে দিল্লীত অনুষ্ঠিত হ'বলগীয়া মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা সদৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত মহাবীৰ লাচিত বৰফুকনৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত মহাবীৰ লাচিত বৰফুকনৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত মহাবীৰ লাচিত বৰফুকনৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব

  • Share this:
অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। সোমবাৰে সন্ধিয়া জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা সদৰী কৰে।

জানিব পৰা মতে, অহা ২৩ নৱেম্বৰত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰদৰ্শনীখনত অসমৰ ২০০০ বছৰীয়া বৰ্ণাঢ্য ইতিহাসৰ লগতে ৬০০ বছৰীয়া আহোম ৰাজত্বকালক বিশেষভাৱে সন্নিৱিষ্ট কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৪ নৱেম্বৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকনৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব। ইফালে, ২৩ নৱেম্বৰ আৰু ২৪ নৱেম্বৰত দুখন আলোচনা-চক্ৰও অনুষ্ঠিত হ’ব য’ত দেশৰ বহুকেইগৰাকী বৌদ্ধিক জগতৰ অগ্ৰণী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি ২৬ নৱেম্বৰত পুণেস্থিত নেশ্যনেল ডিফেঞ্চ একাডেমীত আন এক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানতে একাডেমীৰ শ্ৰেষ্ঠ কেডেটক বীৰ লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ'ব। হায়দৰাবাদস্থিত নেশ্যনেল পুলিচ একাডেমীত মহাবীৰ লাচিতৰ স্মৃতি ভৱন নিৰ্মাণৰ পৰিকল্পনাও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে, এই সংবাদমেলতেই অহা ২৪ নৱেম্বৰত মহাবীৰজনাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি সন্ধিয়া এগছি চাকি জ্বলাবলৈ ৰাজ্যবাসীক তেখেতে আহ্বান জনায়।

সংবাদমেলখনত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকে ৷
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি