আজাদী কী অমৃত মহোৎসৱ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ অভিযান 'হৰ ঘৰ ত্ৰিৰংগা' সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভবনত সংবাদমেল সম্বোধন কৰে।
স্বাধীনতা দিৱসত তিনিদিনীয়াকৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ সংকল্পৰে ৰাজ্যৰ প্ৰতিঘৰ পৰিয়লকে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে চৰকাৰী অনুষ্ঠান, মন্দিৰ–মছজিদ–গীৰ্জা আদিতো পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয়– ভাৰত চৰকাৰে ফ্লেগ কড এমেণ্ডমেণ্ট কৰিছে। এতিয়া খাদীক বাদেও ছিল্ক বা কটন কাপোৰৰো পতাকা উৰুৱাব পাৰিব। প্ৰায় ১০ লাখতকৈ অধিক পতাকা আত্মসহায়ক গোটবোৰে বিক্ৰী কৰিছে। কেৱল আত্মসহায়ক গোটৰ দ্বাৰা গোটেই পতাকা বনোৱা সম্ভৱ নহয়। ৩০ লাখ তেওঁলোকক বনাবলৈ টাৰ্গেট দিয়া হৈছে বাকী ৫০ লাখ চৰকাৰে সুলভ মূল্যৰ দোকানত ১৮ টকাকৈ উপলব্ধ কৰিব।
পতাকাৰ মূল্য ১৮ টকা নিৰ্দিষ্ট কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে ১১ তাৰিখে সকলো বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান হ'ব বুলি জনায়।
তেওঁ লগতে বাগানৰ মালিক, শ্বপিং মলৰ মালিকক ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিবৰ বাবে আহ্বান জনায়। আনহাতে কাৰোবাৰ জন্মদিন, বিবাহত ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিবলৈ আহ্বান জনায়।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সামাজিত মাধ্যমৰ প্ৰফাইলত ৰাষ্ট্ৰীয় পতাকা ৰাখিব বুলি প্ৰকাশ কৰি ৰাইজকো এনে কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি হৰ ঘৰ ত্ৰিৰংগা ৱেবছাইটত পতাকা উত্তোলন কৰি ছেল্ফি আপলোড দিব পাৰিব। ইফালে অসম চৰকাৰে এটা শীৰ্ষ সংগীত প্ৰস্তুত কৰিছে আৰু কাইলৈৰ পৰা FM বা অন্যান্য মাধ্যমটো ৰাইজে এই সংগীত শুনিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
কোভিড অতিমাৰীত ঘাতমাউৰা শিশুক সাহায্যইয়াৰ লগতে কোভিড অতিমাৰীত ঘাতমাউৰা হোৱা ৰাজ্যৰ ৮গৰাকী শিশুক ৭ লাখ ৭৬ হাজাৰ ৩শ টকাকৈ সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই সাহায্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|