মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙাজান পথাৰত পুৰি ছাই হ'ল ৩৬ কোটি টকাৰ ড্ৰাগছ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত

ৰঙাজান পথাৰত পুৰি ছাই হ'ল ৩৬ কোটি টকাৰ ড্ৰাগছ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত

News18 Assam | News18-Assam
Updated:July 18, 2021, 4:37 PM IST
ৰঙাজান পথাৰত পুৰি ছাই হ'ল ৩৬ কোটি টকাৰ ড্ৰাগছ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত
অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে চলি থাকিব"- বঢ়মপুৰত বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিলে।

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে চলি থাকিব"- বঢ়মপুৰত বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিলে।

  • Share this:
"আইনৰ গণ্ডিত থাকি আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'ব, অসমক ড্ৰাগছমুক্ত নকৰালৈকে আমি ক্ষান্ত নহওঁ। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে চলি থাকিব"- বঢ়মপুৰত বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিলে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ বঢ়মপুৰৰ ৰঙাজান পথাৰত ৩৬ কোটি টকাৰ ড্ৰাগছ দাহ কৰিলে। যুৱপ্ৰজন্মক পংগু কৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিগত তিনিমাহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোনো ৰাজনৈতিক হেঁচাই এইখন ড্ৰাগছ আৰু অপৰাধীৰ বিৰুদ্ধে চলা অভিযান স্তব্ধ কৰিব নোৱাৰে।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত থকা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে লাভ কৰা সফলতাৰো শলাগ লয়।

আজি দাহ কৰা ড্ৰাগছৰ ভিতৰত ৪ কেজি হেৰ'ইন, ৫ কেজি ব্ৰাউন ছুগাৰ, ২৯২ কেজি গাঞ্জা, ৯৭৯ গ্ৰাম অপিয়াম, ৭৮,৩৪০টা নিচাজাতীয় টেবলেট আৰু ৬ লাখ ৬৬ হাজাৰ ৩২৩টা কফচিৰাফ আছিল। উল্লেখযোগ্য যে, বিগত ৩মাহত নগাঁও আৰক্ষীয়ে অভিযান চলাই অৰ্ধশতাধিক ড্ৰাগছ মাফিয়া, শতাধিক ড্ৰাগছ সৰবৰাহকাৰীক মাৰাত্মক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাটাও অত্যাধুনিক মাৰণাস্ত্ৰও জব্দ কৰিছে। আনহাতে আৰক্ষীৰ গুলীত আহত হৈছে ৪টা ড্ৰাগছ মাফিয়া।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি