যিসকল অসম আৰক্ষীৰ বীৰ চহিদে চৰম ত্যাগ কৰিছে তেওঁলোকলৈ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে কয়, উগ্ৰপন্থীৰ লগত প্ৰতিবাৰে অসম আৰক্ষীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
যিসকল অসম আৰক্ষীৰ বীৰ চহিদে চৰম ত্যাগ কৰিছে তেওঁলোকলৈ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে কয়, উগ্ৰপন্থীৰ লগত প্ৰতিবাৰে অসম আৰক্ষীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
অসম আৰক্ষীৰ ১৫০ বছৰীয়া ইতিহাসত আজি গৌৰৱময় দিন। জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি ৰাষ্ট্ৰপতিৰ নিচান। অসম আৰক্ষীৰ ৰাষ্ট্ৰপতি নিচান গ্ৰহণ কাৰ্যসূচীত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
যিসকল অসম আৰক্ষীৰ বীৰ চহিদে চৰম ত্যাগ কৰিছে তেওঁলোকলৈ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে কয়, উগ্ৰপন্থীৰ লগত প্ৰতিবাৰে অসম আৰক্ষীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। উগ্ৰপন্থীৰে শান্তি চুক্তি স্বাক্ষৰেৰে নতুন পৰিৱেশ সৃষ্টি হৈছে। সন্ত্ৰাসবাদৰ সমান্তৰালকৈ অপৰাধমুক্ত অসম গঢ়িবলৈ আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে অভিযান চলাই আহিছে। সভ্যতা সংস্কৃতিৰ এই পূণ্যভূমিত অপৰাধীৰ কোনো স্থান নাই।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দৰিদ্ৰ আৰু মধ্যবিত্তই যাতে আৰক্ষীক বন্ধু হিচাপে গণ্য কৰিব পাৰে। ৰিক্সা চালকক লাঠিৰে প্ৰহাৰ কৰা আৰক্ষী আমাক নালাগে। মা, ভণ্টিসকলে যাতে ৰাতিও নিৰাপদে ঘূৰিব পাৰে তেনে আৰক্ষী লাগে। এনেকুৱা আৰক্ষী লাগে যাতে সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|