‘৫৫ বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম কৰিছে মোদীয়ে’

কংগ্ৰেছে যি কাম ৫৫ বছৰে কৰিব নোৱাৰিলে সেই কাম সম্ভৱ কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণাপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

news18assam
Updated:April 18, 2019, 2:52 PM IST
‘৫৫ বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম কৰিছে মোদীয়ে’
কংগ্ৰেছে যি কাম ৫৫ বছৰে কৰিব নোৱাৰিলে সেই কাম সম্ভৱ কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণাপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
news18assam
Updated: April 18, 2019, 2:52 PM IST
কংগ্ৰেছে যি কাম ৫৫ বছৰে কৰিব নোৱাৰিলে সেই কাম সম্ভৱ কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণাপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

পূৰ্বে প্ৰতিটো কামৰ বাবে আন্দোলন কৰিবলগা হৈছিল, কিন্তু এতিয়া প্ৰতিবাদ নকৰাকৈয়ে বহু প্ৰতিষ্ঠান গঢ় লৈ উঠিল বুলিও মন্তব্য কৰে সোণোৱালে। বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে ৰাজপথৰ উন্নয়ন হ’ল। কংগ্ৰেছৰ সময়ত উত্তৰ-পূবৰ কথা নাজানিছিল, কিন্তু মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী আখ্যা দিছে বুলিও নিৰ্বাচনী প্ৰচাৰ সভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ চলোৱা নিৰ্বাচনী সভাত উপস্থিত আছিল অগপ সভাপতি অতুল বৰা, বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, বিধায়ক অতুল বৰা, মহেন্দ্ৰ সিঙকে ধৰি কেইবাজনো নেতা।
আৰু চাওক পৰৱৰ্তী বাতৰি