NRC আৰু ‘ডি’ ভোটাৰক লৈ শংকিত নহ’ব : মুখ্যমন্ত্ৰী

আজান আৰু মুছলমান লোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে, বিজেপিয়ে কেতিয়াও আজান আৰু মুছলমান লোকক লৈ ৰাজনীতি কৰা নাই : সোণোৱাল

news18assam
Updated:April 19, 2019, 1:55 PM IST
NRC আৰু ‘ডি’ ভোটাৰক লৈ শংকিত নহ’ব : মুখ্যমন্ত্ৰী
আজান আৰু মুছলমান লোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে, বিজেপিয়ে কেতিয়াও আজান আৰু মুছলমান লোকক লৈ ৰাজনীতি কৰা নাই : সোণোৱাল
news18assam
Updated: April 19, 2019, 1:55 PM IST
বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰযোগে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

আজান আৰু মুছলমান লোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি সভাত মন্তব্য সোণোৱালৰ। বিজেপিয়ে কেতিয়াও আজান আৰু মুছলমান লোকক লৈ ৰাজনীতি কৰা নাই৷ NRC আৰু ‘ডি’ ভোটাৰক লৈ কাকো শংকিত নহ’বলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ৷

চৰাঞ্চলত চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীক সংগ দিলে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই৷ মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত নাথাকিল গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।
আৰু চাওক পৰৱৰ্তী বাতৰি