Who is Shahrukh Khan?-সাংবাদিকে বলীউডৰ বাদশ্বাহৰ মুক্তি পাবলগীয়া ছবি পাঠান বিতৰ্কক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্ন কৰে।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ কনফাৰেন্স হলত সম্বোধন কৰা সংবাদ মেলতে এই বিষয়ত মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয়- ''শ্বাহৰুখ খান কোন? আমি কিয় ইমান চিন্তা কৰোঁ, আমাৰ ইয়াত কতো শ্বাহৰুখ খান আছে। আমাৰ ইয়াত কেইদিন মান পিছতে ড০ বেজবৰুৱা-২ ওলাব, আমি তাক লৈ চিন্তা কৰোঁ। আমি অসমীয়া চিনেমা চাওঁ।''
উল্লেখ্য, অহা ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত ছবি ''পাঠান''ক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে কালি অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ নাৰেংগীতো প্ৰতিবাদ কৰিছিল। নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিছিল। শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল বজৰং দলৰ নাৰেংগী শাখাই।
গতিকে পাঠান চাবলৈ যোৱাৰ সময়ত দৰ্শকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছিল। মুখ্যমন্ত্ৰীক সংবাদমেলত এনে বিষয়ক সৈ সোধাৰ সময়ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আইন-শৃংখলাজনিত কিবা সমস্যা থাকিলে আৰক্ষীয়ে ব্যৱস্থা ল'ব। তেওঁ লগতে কয়- ''এই সম্বন্ধে কিবা থাকিলে চিনেমা গৃহৰ মালিকে মোক ফোন কৰিলে হয়, মইতো জনা নাই। আৰু খানেও মোক ফোন কৰা নাই, যদি এনে কিবা সমস্যা ইয়াত হৈছে, তেন্তে তেওঁ মোক ফোন কৰিলে হয়।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|