• Home
  • »
  • News
  • »
  • assam
  • »
  • BARPETA : কাইলৈ বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ভৱন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

BARPETA : কাইলৈ বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ভৱন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অত্যাধুনিক সা-সুবিধাযুক্ত আৰু ১৭খন আদালত স্থাপনৰ সুবিধা থকা ভৱনটোত পুৰুষ মহিলাৰ বাবে 'সুকীয়া বাৰ', কেন্টিন, গাড়ী পাৰ্কিং আদিৰ ব্যৱস্থা থাকিব ৷

  • Share this:
ৰাজ্যখনত প্ৰথমতো মাল্টি ষ্টোৰেজ আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ ৷ ২০১৫ চনত ৩৮. ৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা ব্লক ৱান আৰু ব্লক টু পৰ্যায়ৰ দুয়োটা আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত শুক্ৰবাৰে আদালত ভৱনটোৰ শুভ উদ্বোধন কৰা হ'ব৷ ইতিমধ্যে অত্যাধুনিক আদালত ভৱনটো উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

কাইলৈ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই দিনৰ ১১.৩০ বজাত নতুনকৈ নিৰ্মাণ কৰা আদালত ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷

অত্যাধুনিক সা-সুবিধাযুক্ত আৰু ১৭খন আদালত স্থাপনৰ সুবিধা থকা ভৱনটোত পুৰুষ মহিলাৰ বাবে 'সুকীয়া বাৰ', কেন্টিন, গাড়ী পাৰ্কিং আদিৰ ব্যৱস্থা থাকিব ৷ আনহাতে তিনিমহলীয়া আদালত ভৱনটোত ৮খনকৈ লিফ্টৰো সুবিধা থাকিব ৷ ৰাজ্যখনৰ ভিতৰতে বৰপেটা আদালত ভৱনটো অত্যাধুনিক সা-সুবিধাযুক্ত হ'ব বুলিও ভৱনটো নিৰ্মাণকাৰ্যত জড়িত লোক নিৰ্মাণ গৃহ বিভাগৰ বিষয়াই জানিবলৈ দিছে ৷
Published by:Gautam Barman
First published: