মুখ্যপৃষ্ঠা »খবৰ »অসম »১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আন এখোঁজ; আজি বিভিন্ন বিভাগৰ নতুন ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আন এখোঁজ; আজি বিভিন্ন বিভাগৰ নতুন ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

বৰ্তমান নতুন ৮২৮ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

বৰ্তমান নতুন ৮২৮ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

  • Share this:
অসম চৰকাৰে ১ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এক খোজ আগুৱাইছে। শেহতীয়াকৈ ৩৯,৬৭৪ গৰাকী প্ৰাৰ্থীৰ বিভিন্ন বিভাগত সফল নিযুক্তি দিছে অসম চৰকাৰে। বৰ্তমান নতুন ৮২৮ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি এই নিযুক্তি পত্ৰ কৰিব।

উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰদানৰ পিছতেই ১ লাখৰ ভিতৰত ৪০,৫০২ গৰাকীলৈ নিযুক্তি দিয়া হ’ব। আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১২ বজাৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হ’ব।

অসম চৰকাৰৰ বিভিন্ন বিভাগ যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুঠ ৫৭৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰে চিকিৎসা আৰু স্বাস্থ্য বিষয়া–১ ত ৫৪১ জন  আৰু খাদ্য সুৰক্ষা বিষয়া ৩৪ জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰোপৰি চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত চিকিৎসক (পঞ্জীয়ক/ডেমনষ্ট্ৰেটৰ) পদত মুঠ ২৩৬ জনক নিযুক্তু প্ৰেৰণৰ লগতে ভূমি সংৰক্ষণ বিভাগত সহকাৰী ভূমি সংৰক্ষণ বিষয়া পদত মুঠ ১৩ গৰাকীক নিযুক্তি পত্ৰ আগবঢ়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, চৰকাৰৰ জলসম্পদ বিভাগত তৃতীয় বৰ্গৰ শাখা সহায়ক পদত মুঠ ৪ জনক আজি নিযুক্তি পত্ৰ দিয়া হ’ব।

শেহতীয়া বাতৰি