মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : মহানগৰীৰ চাফাই কৰ্মী পৰিয়ালৰ সন্তানসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰীতিমেল

CM Himanta Biswa Sarma : মহানগৰীৰ চাফাই কৰ্মী পৰিয়ালৰ সন্তানসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰীতিমেল

চাফাই কৰ্মীসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে মোকলাই দিব পৰ্যাপ্ত পুঁজি।

চাফাই কৰ্মীসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে মোকলাই দিব পৰ্যাপ্ত পুঁজি।

  • Share this:

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান "আলোকৰে যাত্ৰা"। গুৱাহাটী মহানগৰীৰ চাফাই কৰ্মী পৰিয়ালৰ সন্তানসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰীতিমেলৰ এই অনুষ্ঠান।


উল্লেখ্য, কিছুদিন পূৰ্বে ভৰলুত এক অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে। তাত প্ৰায় ৫০০ কণ কণ শিশুৱে পৰিৱেশন কৰিছিল ভোৰতাল নৃত্যৰ লগতে বিভিন্ন অনুষ্ঠান। তাতেই মুখ্যমন্ত্ৰীয়ে শিশুসকলৰ সৈতে এদিন প্ৰীতিমেলত অংশ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল।


সেই অনুসৰি অৱশেষত আজি গুৱাহাটী মহানগৰীৰ চাফাই কৰ্মী পৰিয়ালৰ সন্তানসকলৰ সৈতে মত বিনিময় কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানৰ অন্তত শিশুসকলৰ সৈতে প্ৰীতিভোজতো অংশ লয় মুখ্যমন্ত্ৰীয়ে।





মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে অসমৰ চাফাই কৰ্মীসকলৰ বাবে ঘোষণা কৰে সুখবৰ। ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা অনুসৰি ৰাজ্য চৰকাৰে শীঘ্ৰে চাফাই কৰ্মীসকলৰ বাবে গঠন কৰিব এখন আয়োগ। চাফাই কৰ্মীসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে মোকলাই দিব পৰ্যাপ্ত পুঁজি। এই আয়োগৰ যোগেদি চাফাই কৰ্মীসকলৰ শিক্ষা,স্বাস্থ্য আদি দিশৰ লগতে সকলো ক্ষেত্ৰৰ সৰ্বাংগীণ উন্নয়ন সাধন হ'ব। এই বৰ্ষৰ বাজেটতে চৰকাৰে আৱণ্টন কৰিব পুঁজি।

শেহতীয়া বাতৰি