মুখ্যপৃষ্ঠা »খবৰ »অসম »টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

এই কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ বাবে উত্তৰ-পূব পৰিষদে ৩.৩৩ কোটি টকা অনুদান আগবঢ়াইছিল।

এই কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ বাবে উত্তৰ-পূব পৰিষদে ৩.৩৩ কোটি টকা অনুদান আগবঢ়াইছিল।

এই কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ বাবে উত্তৰ-পূব পৰিষদে ৩.৩৩ কোটি টকা অনুদান আগবঢ়াইছিল।

  • Share this:
সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়স্থিত টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰে। টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে এই শৈক্ষিক কেন্দ্ৰৰ নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানৰ নিৰ্মাণ কাৰ্যৰ বাবে উত্তৰ-পূব পৰিষদে ৩.৩৩ কোটি টকা অনুদান আগবঢ়াইছিল। এই টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰি আনন্দিত হোৱা বুলি ‍মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ব্যক্ত কৰে।

উল্লেখ্য যে, এই কেন্দ্ৰটোৱে নিৰৱচ্ছিন্নভাৱে টাই শিক্ষা আৰু সংস্কৃতিৰ বিকাশত জড়িত হৈ থাকি ৰাজ্যৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। প্ৰতিবছৰে লাচিত দিৱস, চ্যুকাফা দিৱস আৰু মে-ডাম-মে-ফী অনুষ্ঠিত কৰাৰ লগতে আধ্যাত্মিক দিশতো এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই কেন্দ্ৰটোৱে প্ৰতিমাহৰ দ্বিতীয় শনিবাৰে ফুৰালুং পূজা অনুষ্ঠিত কৰাৰ জৰিয়তে সমাজখনক আধ্যাত্মিকভাৱে শক্তিশালী কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে।

টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী ড০ ৰণোজ পেগু, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।

শেহতীয়া বাতৰি