মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বহু ঠাইত বিশেষকৈ গ্ৰামাঞ্চল আৰু ভিতৰুৱা অঞ্চলসমূহত বাল্যবিবাহৰ প্ৰচলিত প্ৰথা সম্পৰ্কে সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বৈঠকত মিলিত হয় ।
জনতা ভৱনত আয়োজিত এই ভিডিঅ কনফাৰেন্সত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰসৱজনিত মৃত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য আইন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে নাবালিকাকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ সু-স্বাস্থ্য আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত আৰু অশোক সিংহলকে ধৰি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|