মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীলৈকে বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদানৰ ক্ষেত্ৰত মাধ্যম হিচাপে ইংৰাজী প্ৰৱৰ্তন কৰাত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশনা প্রদান কৰে। অলপতে জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে এখন পৰ্যালোচনা সভাত এই নিৰ্দেশনা প্ৰদান কৰে। অৱশ্যে তেওঁ আগৰ দৰেই অসমীয়া ভাষাত দুয়োটা বিষয়ৰ শিক্ষাদানো অব্যাহত থাকিব (CM Directs To Introduce English As Medium of Instruction For Science, Maths)।
শিক্ষা বিভাগৰ সঞ্চালকালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলো উপস্থিত থকা এখন বিস্তৃত পৰ্যালোচনা বৈঠকত এই নিৰ্দেশনাৰ লগতে ই-কাৰ্যালয় ৰূপায়ণ, মিছন সদ্ভাৱনাৰ অধীনস্থ ফাইল নিষ্পত্তি, বিভিন্ন পদত নিযুক্তি আৰু পদোন্নতি, ডেস্ক-বেঞ্চ যোগান তথা বিদ্যুৎ যোগান আদিকে ধৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লোৱা কার্যসমূহৰ অগ্ৰগতিৰো বুজ লয়।
মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ অধিকাৰৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ লগতে ক্রমাগতভাৱে ডায়েট (DIET)ত শিক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিতকৰণ আৰু দুৰ্গা পূজাৰ সময়ত ৯৭খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ জ্ঞানজ্যোতি কাৰ্যসূচী আয়োজন কৰাৰ কথাও ব্যক্ত কৰে আৰু এইক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকক বিভাগৰ সৈতে সমন্বয়েৰে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশনা দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|