• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন; উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰটিৰ নিৰ্মাণত অৰিহণা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰণ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন; উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰটিৰ নিৰ্মাণত অৰিহণা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰণ

শংকৰদেৱৰ জীৱনজোৰা যাত্ৰাৰ লগত জড়িত প্ৰতিটো ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

শংকৰদেৱৰ জীৱনজোৰা যাত্ৰাৰ লগত জড়িত প্ৰতিটো ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

শংকৰদেৱৰ জীৱনজোৰা যাত্ৰাৰ লগত জড়িত প্ৰতিটো ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

  • Share this:
আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২৫ বছৰত উপনীত হোৱা বাবে আজি এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে, এই দিন উপলক্ষে আয়োজিত  প্ৰতিটো অনুষ্ঠানেই ২৫ সংখ্যাৰে সম্পন্ন কৰা হৈছে। পতাকা উত্তোলন, মৃদংগীয়া গায়ন-বায়ন, নৃগোষ্ঠীয় শিল্পীদল আৰু আয়তীৰ সমাহাৰেৰে বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ ৰূপালী জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত নিজৰ ভাষণত তেওঁ অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তি অনুসৰি হোৱা কলাক্ষেত্ৰৰ এই সময়ত তেওঁলোকক সুৱঁৰে। লগতে ড৹ ভবেন্দ্ৰনাথ শইকীয়াক শ্ৰদ্ধাৰে সুৱঁৰি তেখেতে ১৯৮৬ চনত কলাক্ষেত্ৰৰ আঁচনি যুগুত কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

মন কৰিবলগীয়া যে, ৰাজ্যপাল ভীষ্মনাৰায়ন সিঙে শংকৰদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়ননে ১৯৯৮ৰ ৯ নৱেম্বৰত কলাক্ষেত্ৰ মুকলি কৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘শৈশৱৰ সময়ত মই নিজেই দেখিছিলো হিতেশ্বৰ শইকীয়াই ইয়াৰ নিৰ্মাণৰ বাবে যথেষ্ট কষ্ট কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰো বহুত অৰিহণা আছে এই কলাক্ষেত্ৰলৈ। গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰসাৰত এই কলাক্ষেত্ৰৰ বিশেষ অৰিহণা আছে।’’

ইয়াৰোপৰি তেওঁ কয় যে, ‘‘বৰ্তমান বিশ্বৰ পৌৰাণিক দৰ্শন আৰু সংস্কৃতিলৈ শংকা নামি আহিছে। এই সংশয় নোহোৱা কৰি আৰু পৰম্পৰা ৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা হাতত লৈছোঁ।’’

লগতে কয় যে, ‘‘ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত মুখিয়াল অনুষ্ঠান ।অসমৰ কলা সংস্কৃতিলৈ পৰিকল্পিত আক্ৰমণ আৰম্ভ হৈছে। অশুভ সংস্কৃতিৰ এই পৰিকল্পিত আক্ৰমণ। মিঞা মিউজিয়াম ইয়াৰ উদাহৰণ। বিহুকো সেই চক্ৰই বিকৃত কৰিবলৈ চেষ্টা কৰিছে। আমাৰ পৰম্পৰাগত সংগীতক অন্য ধৰ্মৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছে। এনে আক্ৰমণত বিশ্বৰ বহু সংস্কৃতি বিলুপ্ত হৈ গৈছে। এই ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে আৰু বেছি কাম কৰি যাওক কলাক্ষেত্ৰ সমাজে।’’

শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাধৱদেৱ কলাক্ষেত্ৰ, প্ৰতিমা পাণ্ডেৰ ঘৰৰ সংগ্ৰহালটোৰ দায়িত্ব কলাক্ষেত্ৰৰ ওপৰতে ন্যস্ত হোৱাৰ কথা উল্লেখ কৰে। লগতে মধুপুৰ সত্ৰৰ বাবেও  কলাক্ষেত্ৰই কাম কৰিব বুলি তেখেতে জনায়। ইয়াৰোপৰি শংকৰদেৱৰ জীৱনজোৰা যাত্ৰাৰ লগত জড়িত প্ৰতিটো ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণ কৰা হ'ব বুলিও আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি